গুৱাহাটী, 26 এপ্ৰিল :বাৰিষাৰ প্ৰাকক্ষণত নৈ কাষৰ মাটিৰ খননত নিষেধাজ্ঞা জাৰি কৰিছে বন বিভাগে । কিন্তু ভূ-মাফিয়াই অবাধে চলাই গৈছে খনন কাৰ্য(Land mafia is carrying out excavations) । এইবাৰ আৰক্ষীৰ চকুত ধুলি দি ভূ-মাফিয়াই চলাই গৈছে পলি মাটিৰ অবৈধ বেহা ।
ভূ-মাফিয়াৰ বিৰুদ্ধে নাৰেংগী বন বিষয়াৰ কাৰ্যালয়ে অভিযান চলাই মহানগৰীৰ বোন্দা অঞ্চলৰ পৰা জব্দ কৰে পলি মাটি কঢ়িওৱা বলেৰ' পিক আপ ভান(Forest department seized bolero pickup van) । গোপন তথ্যৰ ভিত্তিত দেওবাৰে নিশা প্ৰায় ১১ মান বজাত পানীখাইতি আৰু বোন্দাৰ মাজত পূৰ্বৰ পৰা খাপ পিটি থকা অৱস্থাত বন বিভাগৰ এটা দলে জব্দ কৰে উক্ত বলেৰ’ পিক আপ ভানখন ।