অসম

assam

ETV Bharat / state

Rhino Census in Kaziranga: গঁড় গণনাকাৰীৰ খাদ্যৰ নামতে ব্যয় ১৬.৭৯ লাখ টকা - মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী

অসমত বন আৰু বন্যপ্ৰাণীৰ সংৰক্ষণ যে কিছুমান আমোলা-বিষয়া আৰু তেওঁলোকৰ লগত জড়িত লোকসকলৰ বাবে এক ধন আহৰণৰ ক্ষেত্ৰ, সেই কথা আকৌ এবাৰ পোহৰলৈ আহিছে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কেৱল এশিঙীয়া গঁড়ৰ হত্যা(Rhino poaching in Kaziranga) যিদৰে চলে, ঠিক সেইদৰে ইয়াৰ সংখ্যা জৰীপৰ নামতো চলে ৰাজহুৱা ধনৰ শৰাধ ।

Rhino Census in Kaziranga
গড় গণনাকাৰীৰ খাদ্যৰ নামতে ব্যয় ১৬.৭৯ লাখ টকা

By

Published : Jun 13, 2022, 7:27 PM IST

Updated : Jun 13, 2022, 9:06 PM IST

গুৱাহাটী, ১৩ জুন: জগত বিখ্যাত এশিঙীয়া গঁড়ৰ জৰীপ(One horn rhino) কৰাৰ নামত স্বয়ং বন বিভাগৰ আমোলা বিষয়াসকলে ৰাজহুৱা ধনৰ অপচয়‌ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । উল্লেখ্য যে, ২০১৩ চন মানৰ পৰা ২০১৫ চন পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাত ব্যাপক হাৰত গঁড় হত্যাৰ ঘটনা সংঘটিত হোৱাৰ পাছত উদ্যানখনৰ এশিঙীয়া গঁড়ৰ ভৱিষ্যতক লৈ শংকাৰ সৃষ্টি হৈছিল (Rhino poaching in Kaziranga)। স্বাভাৱিকতে তাকে লৈ জনজীৱনত সচেতনতাও বৃদ্ধি পাইছিল ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত শেহতীয়া গঁড় জৰীপ অনুষ্ঠিত হৈছিল চলিত বৰ্ষৰ ২৫ মাৰ্চৰ পৰা ২৮ মাৰ্চলৈ (Rhino Census in Kaziranga)। ইয়াৰ আগতে ২০১৮ চনত হোৱা জৰীপত ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ গঁড়ৰ সংখ্যা পোৱা গৈছিল ২৪১৩ টা । এই গঁড় গণনাৰ চাৰি বছৰৰ পাছত শেহতীয়াকৈ হোৱা গণনাত ২০০ টা গঁড় অধিক পোৱা গৈছে বুলি উদ্যান কতৃপক্ষৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই প্ৰেছ বিবৃতিৰে ৰাজহুৱা কৰিছিল । কিন্তু এই শেহতীয়া গঁড় জৰীপৰ নামত কাজিৰঙা কতৃপক্ষই ব্যয় কৰা ধনৰ পৰিমানেহে সচেতন নাগৰিকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

গড় গণনাকাৰীৰ খাদ্যৰ নামতে ব্যয় ১৬.৭৯ লাখ টকা

অভিযোগ অনুসৰি জৰীপৰ চাৰিটা দিনত বিভাগটোৱে ত্ৰিশ লাখৰো অধিক ধন ব্যয় কৰা বুলি কাগজে পত্ৰই জনাইছে, যি আশ্বৰ্যকৰ । প্ৰকৃতিপ্ৰেমী তথা আৰ টি আই কৰ্মী ৰোহিত চৌধুৰীয়ে কৰা এক আৰ টি আইৰ উত্তৰত বিভাগটোৱে দিয়া তথ্যতে স্পষ্ট হৈ পৰিছে যে যোৱা মাৰ্চ মাহত লোৱা গঁড় গণনাৰ তিনিদিনীয়া কাৰ্যসূচীত মুঠ ৩০.৮৬ লাখ টকা ব্যয় কৰা হৈছিল । ইয়াৰে ১৬.৭৯ লাখ টকাই ব্যয় কৰা হৈছিল খাদ্যৰ বিল পৰিশোধত ।

গড় গণনাকাৰীৰ খাদ্যৰ নামতে ব্যয় ১৬.৭৯ লাখ টকা

লক্ষণীয়ভাৱে এই কাৰ্যসূচীৰ ২৭ মাৰ্চৰ দিনা গঁড় গণনাকাৰী আৰু পৰ্যবেক্ষকক দিয়া ৰাতিৰ পাৰ্টিৰ নামত ব্যয় দেখুওৱা হৈছে ২.৮৭ লাখ টকা ।‌‌ আৰ টি আই কৰ্মী ৰোহিত চৌধুৰীয়ে দাখিল কৰা প্ৰশ্নৰ বিপৰীতে বোকাখাত ডিভিজনৰ ডি‌এফ অ' ই দিয়া উত্তৰত এই তথ্য দিয়া হৈছে । ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক যতীন্দ্ৰ শৰ্মাই তেওঁৰ বিবৃতিত উল্লেখ কৰিছিল যে গঁড় জৰীপৰ এই তিনিদিনীয়া কাৰ্যসূচীত ৬৪ গৰাকী গণনাকাৰী, ১২ জন স্বতন্ত্ৰ পৰ্যবেক্ষক আৰু ৪৯ জন‌ সংবাদ‌ মাধ্যমৰ লোকক জড়িত কৰোৱা হৈছিল (Expensed money in rhino census)।

গড় গণনাকাৰীৰ খাদ্যৰ নামতে ব্যয় ১৬.৭৯ লাখ টকা

তেওঁৰ মতে কাজিৰঙাৰ ২৬ টা অঞ্চলত আচলতে ২৬ আৰু ২৭ মাৰ্চতহে গণনাৰ কাম কৰা হৈছিল । মনকৰিবলগীয়া যে কেৱল গঁড়ৰ জৰীপেই নহয়, কাজিৰঙাৰ পৰা গঁড় আন অৰণ্যত সংস্থাপন কৰাৰ নামতো ব্যাপক হাৰত ৰাজহুৱা পুঁজিৰ অপচয় কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে ।‌‌ বিগত কেইবাবছৰো বন বিভাগৰ দায়িত্বত থকা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ অলসতাৰ‌ বাবেই বিভাগটোত একাংশ আমোলা-বিষয়াই দূৰ্নীতিৰ পাহাৰ গঢ়াৰ অভিযোগ নাগৰিকৰ মুখে মুখে ।

এনে পৰিস্থিতিত নতুনকৈ বন বিভাগৰ দায়িত্ব লোৱা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ(Assam forest minister) নেতৃত্বত বিভাগটোৱে কি ৰূপ লয় সেয়া হ’ব লক্ষণীয় ।

লগতে পঢ়ক:ৰাহুল গান্ধীয়ে এনেকুৱা তামাচা কৰি লাভ নাই: মুখ্যমন্ত্ৰী

Last Updated : Jun 13, 2022, 9:06 PM IST

ABOUT THE AUTHOR

...view details