অসম

assam

ETV Bharat / state

কামাখ্যাত নিয়োজিত স্বেচ্ছাসেৱকক খাদ্য যোগান মন্দিৰ কৰ্তৃপক্ষৰ

যোৱা ১৯ তাৰিখৰ পৰাই প্ৰতিজন আৰক্ষী, চাফাই কৰ্মী, স্কাৱড গাইড, চিকিৎসা কৰ্মী আদি সকলো চৰকাৰী-বেচৰকাৰী স্বেচ্ছাসেৱক খাদ্য যোগান ধৰিছে কামাখ্যা দেৱালয়ে ।

কামাখ্যাত নিয়োজিত স্বেচ্ছাসেৱকক খাদ্য যোগান মন্দিৰ কৰ্তৃপক্ষৰ

By

Published : Jun 25, 2019, 10:48 AM IST

Updated : Jun 25, 2019, 2:32 PM IST

গুৱাহাটী, ২৫ জুন : অম্বুবাচী মেলা উপলক্ষ্যে নীলাচলত নিয়োজিত হৈ আছে বহু চৰকাৰী-বেচৰকাৰী স্বেচ্ছাসেৱক । প্ৰতিদিনে উৎকট গৰমকো নেওচি এই স্বেচ্ছাসেৱক সকলে পৰিচালনা কৰি আহিছে মেলা ।

কামাখ্যাত নিয়োজিত স্বেচ্ছাসেৱকক খাদ্য যোগান মন্দিৰ কৰ্তৃপক্ষৰ

এই স্বেচ্ছাসেৱকসকলৰ খোৱা লোৱা দায়িত্ব গ্ৰহণ কৰিছে কামাখ্যা দেৱালয়ৰ কৰ্তৃপক্ষই । দেৱালয় কৰ্তৃপক্ষই নিজাববীয়াকৈ সকলো স্বেচ্ছাসেৱককে খাদ্য যোগান ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । যোৱা ১৯ তাৰিখৰ পৰাই প্ৰতিজন আৰক্ষী, চাফাই কৰ্মী, স্কাৱড গাইড, চিকিৎসা কৰ্মী আদি সকলো চৰকাৰী-বেচৰকাৰী স্বেচ্ছাসেৱক খাদ্য যোগান ধৰিছে কামাখ্যা দেৱালয়ে । ইয়াৰোপৰি কামাখ্যাত বাতৰি সংগ্ৰহৰ বাবে থকা সাংবাদিক সকলকো খাদ্য যোগান ধৰে দেৱালয়ে । প্ৰতিদিনে প্ৰায় ৯ হাজাৰ স্বেচ্ছাসেৱকক খাদ্য যোগান ধৰে মন্দিৰ কৰ্তৃপক্ষই । পুৱা পুৰি-তৰকাৰী, দুপৰীয়া ভাত, সন্ধিয়া চাহ, নিশা ভাত যোগান ধৰে কামাখ্যা মন্দিৰ পৰিচালনা সমিতিয়ে । ইফালে ভক্ত তথা স্বেচ্ছাসেৱকৰ বাবে ২৪ ঘন্টাই বিশুদ্ধ খোৱাপানীৰো বিশেষ ব্যৱস্থা কৰিছে কামাখ্যা দেৱালয়ে । মুঠৰ ওপৰত অশেষ কষ্টৰে কৰ্মত নিয়োজিত প্ৰতিজনকে এনেদৰেই খোৱা লোৱাৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা হাতত লৈছে দেৱালয় কৰ্তৃপক্ষই ।

কামাখ্যাত নিয়োজিত স্বেচ্ছাসেৱকক খাদ্য যোগান মন্দিৰ কৰ্তৃপক্ষৰ
Last Updated : Jun 25, 2019, 2:32 PM IST

ABOUT THE AUTHOR

...view details