অসম

assam

ETV Bharat / state

ASSAM FLOOD REPORT: ৰাজ্যুত কিছু উন্নত হৈছে বান পৰিস্থিতি; বৰ্তমানলৈকে 7 জন লোকৰ মৃত্যু - Assam flood affected village

বৰষুণৰ মাত্ৰা হ্ৰাস পোৱাৰ ফলত ৰাজ্যত কিছু পৰিমাণে উন্নত হৈছে বান পৰিস্থিতি ৷ বিগত 24 ঘণ্টাত ৰাজ্যত কোনো এখন নৈ বিপদ সীমাৰ ওপৰেৰে বৈ থকা নাই ৷ আনহাতে সম্প্ৰতি কেৱল এটা আশ্ৰয় শিবিৰ সক্ৰিয় হৈ আছে ৷

ASSAM FLOOD REPORT
ASSAM FLOOD REPORT

By

Published : Jun 28, 2023, 7:30 PM IST

নিউজ ডেস্ক, 28 জুন: ৰাজ্যৰ বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও এতিয়াও অন্ত পৰা নাই বিভীষিকাৰ ৷ ৰাজ্যৰ প্ৰথমটো বানত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে 7 জনলৈ ৷ বুধবাৰে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সদৰী কৰিছে এই তথ্য ৷

বুধবাৰে বিয়লি প্ৰকাশ পোৱা তথ্য অনুসৰি বৰ্তমানলৈকে ৰাজ্যৰ কোনো এখন নৈ বিপদসীমাৰ ওপৰেৰে বৈ থকা নাই ৷ বিগত 24 ঘণ্টাত ৰাজ্যখনৰ 12খন জিলা বানৰ কৱলত আছে ৷ জিলা কেইখন হ’ল বজালী, বৰপেটা, বিশ্বনাথ, দৰং, ধেমাজি, গোৱালপাৰা, যোৰহাট, কামৰূপ, লখিমপুৰ, নলবাৰী, শোণিতপুৰ আৰু তামুলপুৰ ৷

আনহাতে 20 টা ৰাজহ চক্ৰ কাৰ্যায়লৰ অধীনৰ 395 খন ৰাজহ গাঁও এতিয়াও বানৰ কৱলত আছে ৷ ইফালে 395খন ৰাজহ গাঁৱৰ মুঠ 82,965গৰাকী লোক বানৰ কৱলত পৰিছে ৷ সৰ্বাধিক লখিমপুৰ জিলাত 18,674 গৰাকী লোক বানৰ কৱলত পৰিছে ৷ লগতে 1859.91 হেক্টৰ কৃষিভূমি বানৰ কৱলত পৰি ক্ষতিগ্ৰস্ত হৈছে ৷

ইয়াৰ উপৰিও বজালী, বৰপেটা, বিশ্বনাথ, কামৰূপ, নলবাৰী, শোণিতপুৰ আৰু তামুলপুৰ জিলাত স্থাপন কৰা মুঠ 106 টা আশ্ৰয় শিবিৰৰ ভিতৰত মাত্ৰ কামৰূপ জিলাৰ অধীনত উত্তৰ গুৱাহাটীত এটা আশ্ৰয় শিবিৰ সক্ৰিয় হৈ আছে ৷ ইয়াৰ বিপৰীতে এই জিলাকেইখনত 105টা সাহায্য শিবিৰ সক্ৰিয় হৈ আছে ৷ উল্লেখ্য যে ৰাজ্যৰ প্ৰথমটো বানত মুঠ 65,759 টা পশুধনৰ মৃত্যু হৈছে ৷ উল্লেখ্য যে বুধবাৰে বৰপেটা জিলাত বানপানীয়ে উটুৱাই নিয়ে এজন লোকক ৷ সেই লোকজনৰ সন্ধানত SDRFয়ে অব্যাহত ৰাখিছে অভিযান ৷

উল্লেখ্য যে অসমৰ লগতে ভূটানতো কিছু পৰিমাণে কমিছে বৰষুণৰ মাত্ৰা ৷ যাৰ ফলত হ্ৰাস পাইছে ৰাজ্যৰ নদ-নদীসমূহৰ জলপৃষ্ঠ ৷ কিন্তু নেৰানেপেৰা বৰষুণ হ’লে ৰাজ্যত পুনৰ বান প্ৰকোপ বৃদ্ধি পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:Assam Flood: বানৰ কবলত ৰাজ্যৰ ১৩ হাজাৰ হেক্টৰ কৃষি ভূমি; শাক-পাচলিৰ অভাৱনীয় দামবৃদ্ধি

ABOUT THE AUTHOR

...view details