নিউজ ডেস্ক,10 জুন : আজি বছৰটোৰ প্ৰথমটো সূৰ্যগ্ৰহণ ৷ নাছাৰ তথ্য অনুসৰি কানাডা, গ্ৰীণলেণ্ড আৰু উত্তৰ ৰাছিয়াৰ লোকসকলে বৃত্তাকাৰ ৰূপত এই সূৰ্যগ্ৰহণ দেখা পাব ৷ যাক সহজ ভাষাত কোৱা হয় ৰিং অৱ ফায়াৰ ৷ তদুপৰি পূৱ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু উত্তৰ আলাস্কা, ইউৰোপ, এছিয়া আৰু উত্তৰ আফ্ৰিকাৰ আকাশতো আংশিকভাৱে দৃশ্যমান হ’ব সূৰ্যগ্ৰহণ ৷
আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ - ring of fire
আজি চলিত বৰ্ষৰ প্ৰথমটো সূৰ্যগ্ৰহণ ৷ ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ৪২ মিনিটৰ পৰা সন্ধিয়া ৬ বাজি ৪১ মিনিটলৈকে চলিব সূৰ্যগ্ৰহণ ৷ এই সূৰ্যগ্ৰহণ "ৰিং অৱ ফায়াৰ"ৰ ৰূপত দেখা পোৱা যাব ৷
বিশ্বৰ ক'ত ক'ত দেখা পাব 2021 চনৰ প্ৰথমটো সূৰ্যগ্ৰহণ ?
ভাৰতীয় সময় অনুসৰি আজি দুপৰীয়া ১ বাজি ৪২ মিনিটৰ পৰা সন্ধিয়া ৬ বাজি ৪১ মিনিটলৈকে চলিব সূৰ্যগ্ৰহণ ৷ ভাৰতৰ আকাশতো এই "ৰিং অৱ ফায়াৰ" দেখা পোৱা যাব ৷ অসমৰ ভিন্ন প্ৰান্তৰ লগতে অৰুণাচল প্ৰদেশত আংশিকভাৱে দৃশ্যমান হ’ব এই সূৰ্যগ্ৰহণ ৷
লগতে পঢ়ক: মৰিয়নীৰ ৰাজপথত দাওদাওকৈ জ্বলিল মালবাহী ট্ৰাক