গুৱাহাটী, 6 ডিচেম্বৰ : লোকসভাৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ব্যক্তিগত মালিকানাধীন “আজমল ফাউণ্ডেচন”লৈ ৪ টা বিদেশী সংস্থাৰ পৰা পুঁজি যোগান ধৰা হয় বুলি বাতৰি প্ৰকাশ হোৱাৰ পাছতে শনিবাৰে ইউনাইটেড ট্ৰাষ্ট অৱ আছাম নামৰ স্বেচ্ছাসেৱী সংস্থাই সাংসদগৰাকীৰ বিৰুদ্ধে মহানগৰীৰ ওদালবাক্ৰা আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে । স্বেচ্ছাসেৱী সংস্থাটোৰ অধ্যক্ষ শিৱপ্ৰসাদ শৰ্মাই অভিযোগ সন্দৰ্ভত কেতবোৰ তথ্য দাঙি ধৰি সাংবাদিকক জনায় যে, অসমত জৰা-ফুঁকা ৰাজনীতি কৰা বদৰুদ্দিন আজমলৰ ব্যক্তিগত মালিকানাধীন “আজমল ফাউণ্ডেচন”লৈ ৪ টা বিদেশী সস্থাৰ পৰা পুঁজি যোগান ধৰা হয় ৷ যিকেইটা সংস্থা বিশ্বৰ কেইবাটাও সন্ত্রাসবাদী সংগঠনৰ সৈতে প্রত্যক্ষভাৱে আর্থিক লেনদেনত জড়িত বুলি ইতিমধ্যে প্রমাণিত হৈছে ।
বিশ্বৰ আগশাৰীৰ এটা বেচৰকাৰী সংস্থা লিগেল ৰাইটছ অবজাৰভেতৰীয়ে স্পষ্টভাৱে আৰু তথ্য সহকাৰে উদঙাই দি আজমল ফাউণ্ডেচনলৈ পুঁজি যোগান ধৰা সংস্থাকেইটাৰ নাম উল্লেখ কৰে। শৰ্মাই কয় যে, লিগেল ৰাইটছ অবজাৰভেতৰীৰ মতে আজমল ফাউণ্ডেচনলৈ পুঁজি যোগান ধৰা সংস্থাকেইটাৰ ভিতৰত প্ৰথম হৈছে ব্রিটেইনৰ আল ইমদাদ ফাউণ্ডেচন । য’ৰ পৰা আজমল ফাউণ্ডেচনলৈ প্রত্যেক বছৰ আর্থিক পুঁজি যোগান ধৰা হয় । আল ইমদাদ ফাউণ্ডেচনৰ পেলেষ্টাইনী সন্ত্রাসবাদী সংগঠন হামাছৰ সৈতে প্রত্যক্ষ যোগসূত্র আছে । দ্বিতীয়তে, ব্রিটেইনৰ উম্মাহ ৱেলফেয়াৰ ট্ৰাষ্টৰ পৰা আজমল ফাউণ্ডেচনলৈ প্ৰত্যক্ষভাৱে আর্থিক পুঁজি যোগান ধৰে ৷ উম্মাহ ৱেলফেয়াৰ ট্রাষ্ট আর্থিক দুর্নীতি আৰু সন্ত্রাসবাদলৈ বিত্তীয় পৃষ্ঠপোষকতা আগবঢ়োৱাত অভিযুক্ত ।
তৃতীয়তে, তুৰস্কৰ আই এইচ এইচ- ইনচানি ইয়াৰম ভকফিৰ পৰা আজমল ফাউণ্ডেচনলৈ প্রতিবছৰে আর্থিক পুঁজি যোগান ধৰে । আই এইচ এইচ- ইনচানি ইয়াৰম ভকফিৰ বিৰুদ্ধে আল কায়দা আৰু আন্তঃর্জাতিক জেহাদী নেটৱৰ্কৰে সম্পর্ক থকাৰ অভিযোগ আছে । চতুৰ্থতে, ব্রিটেইনৰ মুছলিম এইডৰ পৰা প্রত্যক্ষ আর্থিক পুঁজি আজমল ফাউণ্ডেচনলৈ আহে । মুছলিম এইডৰ কাশ্মীৰী সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সৈতে প্রত্যক্ষ সম্পর্ক আছে অভিযোগ উঠিছে ।