গুৱাহাটী, 23 ছেপ্তেম্বৰ : বুধবাৰে ওপজা দিনত সমগ্ৰ অসমবাসীয়ে স্মৰণ কৰে অসমবাসীৰ মৰমৰ প্ৰয়াত শিল্পী জয়ন্ত হাজৰিকা(Jayanta Hazarika) ৷ তেওঁৰ 78 সংখ্যক জন্ম বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আছাম ডাউন টাউন বিশ্ববিদ্যালয়(Assam Down Town University)ৰ পৰিৱেশ্য কলা বিভাগে আয়োজন কৰে এক সম্বৰ্ধনা অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত অসমৰ বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰী(Ramen Choudhury) আৰু জনপ্ৰিয় কণ্ঠশিল্পী মনীষা হাজৰিকা(Manisha Hazarika)ক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷
ডাউন টাউন বিশ্ববিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৰাণা দাৰ জন্ম বাৰ্ষিকীৰ বিশেষ অনুষ্ঠানত উপস্থিত থাকি বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড৹ নাৰায়ণ চন্দ্ৰ তালুকদাৰৰ সাৰগৰ্ভ ভাষণেৰে এই জন্ম দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ ইফালে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰা জয়ন্ত হাজৰিকাৰ গীতৰ অনলাইন প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ৰ প্ৰতিযোগীসকলৰ গীতৰ ভিডিঅ’ প্ৰদৰ্শন কৰা হয় ।
উক্ত প্ৰতিযোগিতাত অসমৰ বিভিন্ন ঠাইৰ পৰা নিৰ্বাচিত 18 গৰাকী শিল্পীৰ গীত সন্নিবিষ্ট কৰা হৈছিল ৷ এই প্ৰতিযোগীসকলৰ মাজৰ পৰা বিচাৰকে চূড়ান্ত বিজয়ীসকলক নিৰ্বাচিত কৰে ৷ সামৰণি অনুষ্ঠানত ভাষণ দি জয়ন্ত হাজৰিকাৰ ব্যক্তিত্ব তথা গীতৰ বৈশিষ্ট্যসমূহৰ আলোকপাত কৰে সংগীত পৰিচালক ৰমেন চৌধুৰীয়ে ৷ ভাষণ প্ৰসংগত সংগীত শিল্পীগৰাকীয়ে কয় যে, শুদ্ধকৈ নিশিকিলে যিকোনো সংগীত চৰ্চাই আধৰুৱা হৈ ৰয় আৰু এনে চৰ্চাই সামগ্ৰিকভাৱে সংস্কৃতিত বিৰূপ প্ৰভাৱহে পেলায় ৷