অসম

assam

ETV Bharat / state

জনজাতীয় লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ আশ্বাস দুই মন্ত্ৰীৰ - felicitation ceremony at tribal rest house in Guwahati

জনজাতীয় লোক তথা ট্ৰাইবেল সংঘৰ দীৰ্ঘদিনীয়া সমস্যা সমূহৰ সমাধানৰ আশ্বাস প্ৰদান কৰে ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী ইউ.জি ব্ৰহ্মই ৷ ট্ৰাইবেল সংঘৰ উদ্যোগত আয়োজন কৰা এক সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি এই আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷

felicitation-ceremony-at-tribal-rest-house-in-guwahati
জনজাতীয় লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ আশ্বাস দুই মন্ত্ৰীৰ

By

Published : May 18, 2021, 5:31 PM IST

গুৱাহাটী, 18 মে’ : পিছ পৰা অনুসূচীত জাতিৰ তৰফৰ পৰা নৱ নিৰ্বাচিত মন্ত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে মঙলবাৰে আয়োজন কৰা হয় এক সম্বৰ্ধনা অনুষ্ঠান । পল্টনবজাৰ স্থিত ট্ৰাইবেল সংঘৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয় মন্ত্ৰী ডাঃ ৰনোজ পেগু, ইউ জি ব্ৰহ্ম আৰু বি টি আৰ প্ৰধান প্ৰমোদ বড়োক ।

অনুষ্ঠানত উপস্থিত থাকি জনজাতীয় লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যাসমূহৰ বুজ লয় মন্ত্ৰীদ্বয়ে ৷ জনজাতীয় লোক তথা ট্ৰাইবেল সংঘৰ দীৰ্ঘদিনীয়া সমস্যা সমূহৰ সমাধানৰো আশ্বাস প্ৰদান কৰে ভৈয়াম জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী ইউ জি ব্ৰহ্মই ৷

জনজাতীয় লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ আশ্বাস দুই মন্ত্ৰীৰ

তদুপৰি অনলাইন শিক্ষা ৰাজ্যৰ বাবে কিছু প্ৰত্যাহ্বানৰ বিষয় বুলি উল্লেখ কৰি অনলাইন আৰু অফলাইন দুয়োটাই ক্লাছৰ পোষকতা কৰে শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ৷ সাপ্তাহিকভাৱে অথবা 15 দিনৰ ভিতৰত শিক্ষকে ছাত্ৰ-ছাত্ৰীক হমৱৰ্ক প্ৰদান কৰিব লাগিব বুলিও মন্তব্য আগবঢ়ায় শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

জনজাতীয় লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ আশ্বাস দুই মন্ত্ৰীৰ

আনহাতে, অহা সপ্তাহৰ ভিতৰত বাকী থকা স্কুটীসমূহ প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও ঘোষণা কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে ৷ এই ক্ষেত্ৰত যিসকলে আবেদন কৰা নাই সেই ছাত্ৰ-ছাত্ৰী সকলক আবেদন কৰিবলৈ আহ্বান জনায় শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ৷

লগতে পঢ়ক: কৰ'ণাত প্ৰাণ গ'ল ৰূপহীহাটৰ গাঁওবুঢ়া জীৱন বৰুৱাৰ

ABOUT THE AUTHOR

...view details