অসম

assam

ETV Bharat / state

ETV Bharat Exclusive : তৃণমূলত যোগদানৰ পিছত ৰিপুণ বৰাৰ আছুতীয়া সাক্ষাৎকাৰ - ইটিভি ভাৰতৰ সৈতে ৰিপুণ বৰাৰ আছুতীয়া সাক্ষাৎকাৰ

"সুবিধাবাদী হোৱা হ’লে মই বিজেপিলৈ গ’লোহেতেন"- তৃণমূলত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছ নেতা ৰিপুণ বৰাৰ বিস্ফোৰক মন্তব্য(First reaction of Ripun Bora after joins TMC) ৷ ৰাজ্য়ৰ ৰাজনীতিত জোকাৰণি তুলি তৃণমূলত যোগদান কৰা ৰিপুণ বৰাই কি কাৰণে এনেদৰে ক্ষোভ প্ৰকাশ কৰিলে ? সেয়া জানিবলৈ চাওক ইটিভি ভাৰতৰ সৈতে নেতাগৰাকীৰ হোৱা আছুতীয়া সাক্ষাৎকাৰ(Exclusive interview with Ripun Bora at ETV Bharat) টি ৷

exclusive-interview-with-ripun-bora-after-joins-tmc
ৰিপুণ বৰাৰ আছুতীয়া সাক্ষাৎকাৰ

By

Published : Apr 18, 2022, 1:53 PM IST

Updated : Apr 18, 2022, 2:03 PM IST

গুৱাহাটী, 18 এপ্ৰিল : দেওবাৰৰ দিনটোত কংগ্ৰেছৰ বাহিৰ-ভিতৰ সকলোতে জোকাৰণি তুলি পত্নী, পুত্ৰ সহিতে তৃণমূল কংগ্ৰেছত যোগদান কৰা প্ৰাক্তন‌ সাংসদ, প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যৰ প্ৰাক্তন মন্ত্ৰী ৰিপুণ বৰাই মুখ খুলিছে(First reaction of Ripun Bora after joins TMC)।

কিয় কংগ্ৰেছ এৰি মমতা বেনাৰ্জীৰ কাষ চাপিবলগীয়া হ'ল ৰিপুণ বৰাৰ দৰে এজন জ্যেষ্ঠ নেতাই ?

দেওবাৰে কলকাতাত আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ পিছত সোমবাৰে এইগৰাকী সদ্য কংগ্ৰেছ ত্যাগী নেতাগৰাকী আহি নতুন দিল্লীত উপস্থিত হয় । নতুন দিল্লীৰ পৰাই ইটিভি ভাৰতৰ জ্যেষ্ঠ সাংবাদিক গৌতম বৰুৱাৰ সৈতে হোৱা এক টেলিফোনিক সাক্ষাৎকাৰ(Exclusive interview with Ripun Bora at ETV Bharat) ত ৰিপুণ বৰাই কয়- "তৃণমূল কংগ্ৰেছত যোগদান কৰাৰ বাবে বহুতে মোক সমালোচনা কৰিছে । কোনোৱে মোক সুবিধাবাদী বুলি কৈছে । যদি মই সুবিধাবাদী হ'লোহেতেন, তেন্তে বিজেপিলৈ গ’লোহেতেন । আজিৰ তাৰিখত অসমত তৃণমূল শূন্য । কিন্তু তথাপিও মই এই দলটোত যোগদান কৰিছো" ৷

ৰিপুণ বৰাৰ আছুতীয়া সাক্ষাৎকাৰ

লগতে চাওক:কংগ্ৰেছ এৰি তৃণমূলত যোগদান ৰিপুন বৰাৰ

প্ৰশ্ন উঠে- এনে কি পৰিস্থিতি আহিল, যাৰ বাবে ৰিপুণ বৰাৰ দৰে এগৰাকী জ্যেষ্ঠ নেতাই কংগ্ৰেছ এৰি তৃণমূলত যোগ দিবলগীয়া হ'ল ?

প্ৰাক্তন সাংসদ গৰাকীয়ে এই প্ৰশ্নৰ উত্তৰ দিলে এনেদৰে- "চাওক, কংগ্ৰেছ দলৰ কাৰো প্ৰতি মোৰ কোনোধৰণৰ ব্যক্তিগত বিদ্বেষ বা ক্ষোভ নাই । কিন্তু আজিৰ তাৰিখত কংগ্ৰেছ দলটো ৰাজ্যিক স্তৰতে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়তে হওক, নিজৰ মাজতে খোৱা-কামোৰাত ব্যস্ত । আগ্ৰাসী বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছৰ কোনো চেষ্টা নাই । এই সময়ত বিজেপিৰ বাবে যদি দেশজুৰি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰিছে, তেন্তে সেয়া হৈছে একমাত্ৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী । গতিকে একমাত্ৰ এই কাৰণতেই মই এই দলটোত যোগ দিছো" ৷

মন কৰিবলগীয়া যে, আজিৰ তাৰিখত অসমত তৃণমূল কংগ্ৰেছৰ কোনোধৰণৰ শক্তিশালী সাংগঠনিক ভেঁটি নাই । অৱশ্যে ত্ৰিপুৰা আৰু মেঘালয়ত ইতিমধ্যে এদেও-দুদেওকৈ নিজৰ স্থিতি মজবুত কৰিবলৈ সক্ষম হৈছে মমতা বেনাৰ্জী নেতৃত্বাধীন দলটোৱে । এতিয়া ৰিপুণ বৰাক সমূখত লৈ অসমত মমতা বেনাৰ্জী কিদৰে আগুৱাব পাৰে, সেয়া সময়েহে ক’ব ।

লগতে চাওক:ৰিপুণ বৰাক সুবিধাবাদী আখ্যা দেৱব্ৰত শইকীয়াৰ

Last Updated : Apr 18, 2022, 2:03 PM IST

ABOUT THE AUTHOR

...view details