গুৱাহাটী, ১৪ জুনঃঅসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া বিশেষ উচ্চ ক্ষমতা সম্পন্ন সমিতিখনৰ প্ৰতিবেদনখনৰ কি হ'ল ? অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ নেতৃত্বত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে গঠন কৰি দিয়া ১৪ জনীয়া সমিতিখনে বিগত ২৫ ফেব্ৰুৱাৰীতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত অৰ্পণ কৰিছিল প্ৰতিবেদনখন । কিন্তু আজি প্ৰায় চাৰিটা মাহে এই প্ৰতিবেদনৰ পৰামৰ্শাৱলী ৰূপায়ণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰা পৰিলক্ষিত হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ ।
CAA বিৰোধী আন্দোলনে সমগ্ৰ অসমত এক অস্থিৰ পৰিৱেশ বিৰাজ কৰি ৰখাৰ সময়তে, অসমীয়া মানুহৰ সাংবিধানিক নিৰাপত্তা নিশ্চিতকৰণৰ ক্ষেত্ৰত অসম চুক্তিৰ ছয় নং দফা কিদৰে কাৰ্যকৰী কৰিব পাৰি সেই বিষয়ে পৰামৰ্শ গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এই সমিতিখন গঠন কৰি দিছিল । পৰৱৰ্তী সময়ত কেন্দ্ৰ সমিতিৰ প্ৰতিবেদনখন গ্ৰহণ কৰাৰ ক্ষেত্ৰত মন্থৰ হোৱা বাবে ন্যায়াধীশ শৰ্মা নেতৃত্বাধীন সমিতিখনে, মুখ্যমন্ত্ৰীৰ হাতত দাখিল কৰিছিল সেই প্ৰতিবেদন । কিন্তু বিগত প্ৰায় চাৰি মাহে সেই প্ৰতিবেদন সন্দৰ্ভত চৰকাৰে কোনো ব্যৱস্থাই হাতত নল'লে ।