গুৱাহাটী, 24 এপ্ৰিল: লক ডাউনে বিধ্বস্তপ্ৰায় কৰি তুলিছে সমগ্ৰ বিশ্বৰ অৰ্থনীতি ৷ এনে সময়ত দীঘলীয়া লক ডাউন খোলাৰ পিছত অসমৰ অৰ্থনীতি পুনৰ ঠন ধৰি উঠিবলৈ যে বহু সময়ৰ প্ৰয়োজন হ'ব সেয়া পুনৰ দোহৰাৰ প্ৰয়োজন নাই ৷ কিন্তু কি উপায়েৰে পুনৰ সংগঠিত কৰিব পৰা যাব ৰাজ্যৰ বিত্তীয় অৱস্থা ? কিয়নো,ৰাজ্যৰ বিত্তীয় অৱস্থা যে এই সময়ত মুঠেও সন্তোষজনক নহয় সেই কথা ইতিমধ্যে স্পষ্টভাৱে ঘোষণা কৰিছে বিত্ত মন্ত্ৰী ডঃ হিমন্তবিশ্ব শৰ্মাই ৷ তেন্তে কি হ'ব পাৰে উদ্ধাৰৰ উপায় ?
ৰাজ্যৰ এগৰাকী বিশিষ্ট অৰ্থনীতিবিদ ডঃ দেৱজিৎ মহন্তৰ মতে, অসমে এই ভয়ানক বিত্তীয় সংকটৰ পৰা উদ্ধাৰ পোৱাৰ এটাই সম্ভাৱনা আছে -সেয়া হৈছে কৃষি খণ্ডৰ উন্নয়ন ৷ ই টিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত তেনে কেতবোৰ নতুন সম্ভাৱনাৰ ইংগিত দিয়ে বিশিষ্ট অৰ্থনীতিবিদ গৰাকীয়ে ।