অসম

assam

ETV Bharat / state

আশা কৰা মতে এন আৰ চিৰ ফলাফল দিয়াত ব্যৰ্থ ৰঞ্জন গগৈ: তৰুণ গগৈ - শিশু নিৰ্যাতন

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল ৷ শিশু দিৱস,এন আৰ চি,কেব সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য তৰুণ গগৈৰ ৷ শুদ্ধ এন আৰ চি প্ৰকাশ কৰাত ব্যৰ্থ চৰকাৰ ৷ শিশু দিৱসতো শিশু সকলক গুৰুত্ব দিয়া হোৱা নাই চৰকাৰে গুৰুতৰ অভিযোগ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ ৷

আশা কৰা মতে এন আৰ চিৰ ফলাফল দিয়াত ব্যৰ্থ ৰঞ্জন গগৈ: তৰুণ গগৈ

By

Published : Nov 14, 2019, 9:17 PM IST

গুৱাহাটী, 14 নৱেম্বৰ: বৃহস্পতিবাৰে গুৱাহাটীত এখন সংবাদেমল সম্বোধন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ সংবাদমেলত শিশু দিৱস, এন আৰ চি, কেব সন্দৰ্ভত মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তীব্ৰ সমালোচনা কৰে বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰক ৷ সংবাদমেলত গগৈয়ে কয় 14 নৱেম্বৰ দিনটোও শিশু দিৱস হিচাপে পালন কৰা নাই অসম চৰকাৰে। দেশৰ ভৱিষ্যৎ শিশু সকলক যে গুৰুত্ব দিয়া হোৱা নাই ইয়াৰ দ্বাৰাই প্ৰমাণিত হৈছে । শিশু নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰত ভাৰতৰ শীৰ্ষ স্থানত অধিষ্ঠিত অসম৷ কিন্তু শিশুসকলৰ আঁচনিৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই এইখন চৰকাৰে ।

শিশু সকলক গুৰুত্ব দিয়া হোৱা নাই বিজেপি চৰকাৰে

যিবিলাক বিষয়ত চৰকাৰে গুৰুত্ব দিব লাগিছিল সেই বিলাকত গুৰুত্ব দিয়া নাই চৰকাৰখনে । ফ্লিমফেয়াৰ পাতিবলৈ কোটি কোটি টকা ক'ৰ পৰা ওলাই এই চৰকাৰৰ ৷ এইখন উৎসৱ পতা চৰকাৰ বুলি কটাক্ষ কৰে গগৈয়ে ।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল

ইপিনেএন আৰ চিৰ প্ৰসংগ টানি আনি গগৈয়ে কয়,এন আৰ চিয়ে দেশীসকলক বিদেশী বনালে। 19 লাখ লোকৰ এতিয়া ভৱিষ্যৎ অন্ধকাৰ । এন আৰ চিৰ কথা এতিয়া অমিত শ্বাহে নোকোৱা হ'ল । যদি হে কেব আনেই তেতিয়া এন আৰ চিৰ প্ৰাসংগিকতা ক’ত থাকিল বুলি উল্লেখ কৰে গগৈয়ে ৷ ইপিনে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰতীক হাজেলাক বেছিকৈ গুৰুত্ব দি ভুল কৰিলে বুলি উল্লেখ কৰে। শুদ্ধ এন আৰ চি প্ৰকাশ নকৰালৈকে প্ৰতীক হাজেলাক কেনেকৈ যাবলৈ দিলে বুলি প্ৰশ্ন উত্থাপন কৰি কয় অসম সন্তান ৰঞ্জন গগৈৰ তত্বাৱধানত অসমীয়া ৰাইজে শুদ্ধ এন আৰ চি লাভ কৰাৰ আশা প্ৰকাশ কৰিছিল যদিও শুদ্ধ এন আৰ চি দিয়াত ব্যৰ্থ হ’ল ৷

লগতে চাওক-বৃদ্ধি পাইছে দিল্লীত বায়ু প্ৰদূষণৰ সূচাংকৰ মাত্ৰা

ABOUT THE AUTHOR

...view details