অসম

assam

বৰ্তমান দেশ সংকটতঃ জয়ৰাম ৰমেশ

By

Published : Nov 30, 2019, 11:28 PM IST

দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে বিজেপি চৰকাৰক দোষাৰোপ কৰিলে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়ৰাম ৰমেশে ৷ দেশৰ সংকটৰ কাৰণ দেশৰ ভিতৰতেই আছে বুলিও মন্তব্য কৰিলে নেতাজনে ৷

jayram ramesh press meet
বাহিৰা শক্তিৰ বাবে দেশ বিপদত নাই , দেশ বিপদত আছে দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ৷

গুৱাহাটী , 30 নৱেম্বৰঃ দেশৰ অৰ্থনৈতিক অৱস্থা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত সংবাদমেলযোগে বিজেপিক তীব্ৰ সমালোচনা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ ৷ শনিবাৰে ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত নেতাজনে মন্তব্য কৰে যে, "বৰ্তমান দেশ সংকটত ৷ বাহিৰা শক্তিৰ বাবে দেশ বিপদত নাই , দেশ বিপদত আছে দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ৷ প্ৰধানমন্ত্ৰীয়ে দেশত সকলো ঠিকেই চলি আছে বুলি মন্তব্য কৰি আছে যদিও প্ৰকৃততে দেশ অৰ্থনৈতিকভাৱে বিধ্বস্ত হৈছে ৷ শেষৰ সাত বছৰৰ ভিতৰত দেশৰ জি ডি পি সবাতোকৈ তললৈ নামিছে ৷ দেশৰ লঘু উদ্যোগ সমূহ ক্ৰমে বন্ধ হ'বলৈ আৰম্ভ হোৱাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সকলো ঠিকে আছে বুলি মন্তব্য কৰি দেশৰ জনতাক বিপথে পৰিচালিত কৰাৰ অভিযোগ তুলিলে প্ৰাক্তন মন্ত্ৰীজনে ৷

বাহিৰা শক্তিৰ বাবে দেশ বিপদত নাই , দেশ বিপদত আছে দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ৷


দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ মূল কাৰণ বিমুদ্ৰাকাৰণ আৰু জি এছ টি বুলিও মন্তব্য কৰাৰ লগতে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে কেৱল এন আৰ চি আৰু কেব শব্দ দুটাই চিনি পাই বুলি কটাক্ষ কৰে নেতাজনে ৷ এন আৰ চি প্ৰকাশৰ পূৰ্বে 40-50 লাখ বিদেশী অসমত আছিল বুলি প্ৰচাৰ চলোৱা বিজেপিয়ে এন আৰ চি প্ৰকাশৰ পিছত মাত্ৰ ১৯ লাখ লোকৰ নাম এন আৰ চিৰ পৰা বাদ পৰাত এন আৰ চিকলৈ অসন্তুষ্ট হৈ পৰিছে ৷ বিজেপিয়ে এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথা কৈ দেশৰ মূল সমস্য সমূহৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰ কৰি ৰখাৰ কৌশল চলাইছে বুলিও মন্তব্য কৰি বিজেপি তীব্ৰ আক্ৰমণ কৰে জয়ৰাম ৰমেশে ।

বাহিৰা শক্তিৰ বাবে দেশ বিপদত নাই , দেশ বিপদত আছে দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ বাবে ৷

লগতে পঢ়কঃ হায়দৰাবাদ দলবদ্ধ ধৰ্ষণ কাণ্ডৰ চাৰি অভিযুক্তক 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

ABOUT THE AUTHOR

...view details