অসম

assam

ETV Bharat / state

Assam Cash for Job scam: তৃষ্ণা শৰ্মাক পানবজাৰ থানাত জেৰা; দুই পলাতক দালালক বিচাৰি অব্যাহত অভিযান - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কোন বিজেপি শীৰ্ষ নেতাৰ নেতৃত্বত ৰাজ্যত চলিছিল চাকৰিৰ বেহা ৷ এই কথা এতিয়াও পোহৰলৈ অহা নাই ৷ ইতিমধ্যেই গ্ৰেপ্তাৰ হোৱা পাঁচ দালালে আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে বহু তথ্য ৷ ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাত নাম সাঙুৰ খোৱা আন এগৰাকী বিজেপি নেত্ৰী অঞ্জু দাসকো জেৰাৰ বাবে শীঘ্ৰেই তলব কৰিব আৰক্ষীয়ে ৷

Assam Cash for Job scam
Assam Cash for Job scam

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 6:52 PM IST

গুৱাহাটী, ২৯ আগষ্ট:বিজেপি চৰকাৰৰ শাসনকালত স্বচ্ছ আৰু নিকাভাৱে চাকৰি দিয়া বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰি আহিছে যদিও চাকৰি কেলেংকাৰীত নাম সাঙোৰ খাইছে বিজেপি দলৰে নেতা-পালিনেতাৰ । মহানগৰ আৰক্ষীয়ে চাকৰি কেলেংকাৰীৰ ৫ গৰাকীকৈ দালালক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈ ওপৰৰ মহলৰ কোনো লোক তদন্তৰ আওতালৈ অহা নাই ৷

দল-সংগঠনসমূহেও চাকৰিৰ কেলেংকাৰীৰ লগত কোন ওপৰৰ মহল জড়িত সেই কথা স্পষ্ট কৰিবলৈ দাবী জনাইছে ৷ প্ৰায় ১৫ দিন চলা তদন্তত আৰক্ষীয়ে কেৱল চাকৰি কেলেংকাৰীৰ ধন সংগ্ৰহ কৰা দালালকেইটাক গ্ৰেপ্তাৰ কৰিছে । সমগ্ৰ ঘটনাটোৰ মূল অভিযুক্ত অনুৰাগ চলিহা চাকৰি কেলেংকাৰীৰ ধন সংগ্ৰহ কৰা দালাল চক্ৰটোৰ এজেন্টহে আছিলে ।

এই দালালচক্ৰটোক বজাৰত ধন সংগ্ৰহৰ বাবে নমাই দিয়া বিজেপিৰ ক্ষমতাশালী নেতা বৰ্তমানলৈ তদন্তৰ আওতালৈ অহা নাই । আৰক্ষীৰ জেৰাত অনুৰাগ চলিহাই চাকৰিৰ প্ৰত্যাশীৰ পৰা ৩ লাখকৈ ধন সংগ্ৰহৰ কথা স্বীকাৰ কৰিছিল । আঢ়ৈ লাখ টকা ওপৰ মহলক দি বাকী ৫০ হাজাৰ টকা দালাল চক্ৰটোৱে লাভ কৰিছিল ।

কাৰ অশীৰ্বাদত অনুৰাগ চলিহাই লাখ লাখ টকা সংগ্ৰহ কৰিছিল তাক লৈ প্ৰশ্ন উত্থাপন হৈছে । আৰক্ষীয়ে কেলেংকাৰীৰ খলনায়কক চিনাক্ত কৰিছে যদিও ৰাজনৈতিক কাৰণত সেই কথা ৰাজহুৱা কৰা নাই ৷ ইয়াকলৈয়ো প্ৰশ্ন হৈছে ৷ সমগ্ৰ বিষয়টোত বৰ্তমানো আৰক্ষীয়ে আনুষ্ঠানিকভাৱে মুখ খোলা নাই ৷

ইফালে, ৭ দিনৰ আৰক্ষীৰ জিন্মাত থকা তৃষ্ণা শৰ্মাক আজি পাণবজাৰ মহিলা আৰক্ষী থানাত মাৰাথন জেৰা চলাই থকা হৈছে ৷ এই জেৰাত বহুতো তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ৷ সোমবাৰে তৃষ্ণা শৰ্মাৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলোৱাৰ সময়ত এখন দীঘলীয়া চাকৰি প্ৰত্যাশীৰ তালিক লাভ কৰাৰ লগতে ৫ লাখ টকাৰ এখন চেক লাভ কৰিছিল ৷

বিভিন্ন জনৰ পৰা ধন সংগ্ৰহ কৰি তৃষ্ণা শৰ্মাই ৪০ লাখ টকা অনুৰাগ চলিহাক চাকৰি আৰু সুৰাৰ বিপণিৰ অনুজ্ঞাপত্ৰৰ নামত দিছিল বুলি তৃষ্ণা শৰ্মাই স্বীকাৰ কৰিছিল । পেছাত অধিবক্তা তৃষ্ণা শৰ্মাৰ জন্মস্থান বৰপেটাতো গঢ়ি উঠিছিল চৰকাৰী চাকৰিৰ নামত এখন ক’লা বজাৰ ।

বৰপেটাত চাকৰিৰ ক’লা বজাৰ চলাইছিল তৃষ্ণা শৰ্মা আৰু পলাতক কুলদ্বীপ দাসে । বিভিন্ন প্ৰাৰ্থীয়ে চৰকাৰী চাকৰিৰ নামত ধন দিছিল অনুৰাগ চলিহা, তৃষ্ণা শৰ্মা আৰু কুলদ্বীপক । তৃষ্ণাই সম্পৰ্কীয় একাংশক চৰকাৰী চাকৰি দিয়াৰ যো-জা চলাইছিল । আন প্ৰাৰ্থীতকৈ কম পইছাত চাকৰি দিয়াৰ অভিসন্ধি ৰচিছিল তৃষ্ণাই । কিন্তু সময়মতে চাকৰি নোপোৱাত বহু প্ৰাৰ্থীয়ে তৃষ্ণা শৰ্মাক ধন ঘূৰাই দিবলৈ হেঁচা দিছিল । সেই কথা অনুৰাগ চলিহাক জনাইছিল তৃষ্ণা শৰ্মাই ৷ তাৰ পিছতে অনুৰাগ চলিহাই তৃষ্ণা শৰ্মাক পাঁচ লাখ টকাৰ চেক প্ৰদান কৰিছিল ৷

সোমবাৰে ৩ প্ৰাৰ্থীক আদালতত ১৬৪ ষ্টেটমেন্ট ৰেকৰ্ড কৰাইছে আৰক্ষীয়ে । কাইলৈৰ পৰা চাকৰিৰ নামত ধন দিয়া প্ৰাৰ্থীৰ ভাষ্য সংগ্ৰহ কৰিব আৰক্ষীয়ে । ইফালে, ঘটনাৰ আন অভিযুক্ত পলাতক অভিমন্যু দাস আৰু কুলদ্বীপ দাসক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত ৰাখিছে ৷

অতি শীঘ্ৰেই পলাতক অভিমন্যু আৰু কুলদ্বীপ দাস আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে । আনহাতে ইন্দ্ৰাণীকাণ্ডৰ সৈতে নাম সাঙোৰ খাই পৰা আনগৰাকী মহিলা নেত্ৰী অঞ্জু দাসক শীঘ্ৰেই তলব কৰিব চান্দমাৰী আৰক্ষীয়ে । অনুৰাগ চলিহাৰ জড়িয়তে অঞ্জু দাসেও একাংশ চাকৰি প্ৰত্যাশীক চৰকাৰী চাকৰি দিয়াৰ অভিযোগ আছে । এই কথা জেৰাত ইতিমধ্য স্বীকাৰ কৰিছে অনুৰাগে ৷

লগতে পঢ়ক:Assam BJP Controversy: বিজেপিৰ মুখ্য কাৰ্যালয়ত সন্ধিয়া ৭ বজাৰ পিছত মহিলাৰ প্ৰৱেশক লৈ কোনো বাধা নাই; লক্ষ্য কোঁৱৰ

ABOUT THE AUTHOR

...view details