অসম

assam

ETV Bharat / state

Silsako eviction drive update: সাময়িকভাৱে বন্ধ হ’লেও শিলসাঁকো বিলত পুনৰ চলিব জোৰদাৰ উচ্ছেদ অভিযান - মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

উন্নয়ন সমিতিৰে হোৱা মুখ্যমন্ত্ৰীৰ বৈঠকত 10 দিনৰ বাবে শিলসাঁকো বিলত উচ্ছেদ অভিযান স্থগিত ৰখাৰ সিদ্ধান্ত (Silsako eviction temporarily stopped) ৷ 2008 চনৰ পাচত বিলত বসতি স্থাপন কৰা সকলে নাপাই পুনৰ সংস্থাপন ৷ পূৰ্বে অহাসকলক দিয়া হ’ব পুনৰ সংস্থাপন ৷ শিলসাঁকো বিলৰ প্ৰস্তাৱিত হ্ৰদৰ বাবে প্ৰয়োজন হোৱা ভূমি আৰু উচ্ছেদিত পৰিয়ালসমূহৰ পুনঃসংস্থাপনৰ বিষয়টো জৰীপ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ কামৰূপ মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনক নিৰ্দেশ মুখ্যমন্ত্ৰীৰ ৷

Silsako eviction drive update
সাময়িকভাৱে বন্ধ হ’লেও শিলসাঁকো বিলত পুনৰ চলিব জোৰদাৰ উচ্ছেদ অভিযান

By

Published : Mar 4, 2023, 3:31 PM IST

Updated : Mar 4, 2023, 8:02 PM IST

গুৱাহাটী, 4 মার্চ: গুৱাহাটীৰ শিলসাঁকো বিলক বেদখলমুক্ত কৰাৰ লক্ষ্যৰে সোমবাৰৰ পৰা চলা ব্যাপক উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছে যদিও গৃহহীন হোৱা লোকসকলৰ অসহনীয় বেদনা দূৰ হোৱা নাই ৷ পৰীক্ষা সময়ত চলোৱা এই নিৰ্দয় উচ্ছেদ অভিযানৰ ফলত বহু শিক্ষাৰ্থীৰ শৈক্ষিক জীৱন প্ৰভাৱিত হৈছে (Mega eviction drive at Silsako) ৷

শিলসাঁকো বিলত সোমবাৰৰ পৰা চলোৱা উচ্ছেদ অভিযানৰ দ্বাৰা শ শ লোকৰ ঘৰ চকুৰ সন্মুখতে ভাঙি তচ-নচ কৰি দিয়া হ'ল । বহুতৰে জীৱনৰ আৰ্জিত সমস্ত সম্পদ নিমিষতে মাটিৰ লগত মিলি গ'ল ৷ হঠাতে নিঠৰুৱা হৈ পৰিল উচ্ছেদিত পৰিয়ালসমূহ । ভাঙি দিয়া হ’ল কোটি টকীয়া অট্টালিকা । এই উচ্ছেদ অভিযানক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে যদিও উচ্ছেদিত লোকসকলৰ মৰ্মবেদনা হয়টো আন কোনোৱে উপলদ্ধি কৰিব নোৱাৰিব (Illegal encroachment at Silsako beel) ।

আশ্ৰয়ৰ অভাৱত উচ্ছেদিতৰ হাহাকাৰ

উল্লেখ্য যে, চাৰিদিনত পুলিচ-প্ৰশাসনে শিলসাঁকোৰ 287 বিঘা ভূমি বেদখল মুক্ত কৰে যদিও প্ৰায় 900 বিঘা ভূমিত উচ্ছেদ বাকী আছে বুলি জি এম ডি এ(GMDA) কৰ্তৃপক্ষই জানিবলৈ দিছে ৷ অৱশ্যে বৰ্তমান দহদিনৰ বাবে উচ্ছেদ অভিযান সাময়িকভাৱে স্থগিত ৰখা হৈছে ৷ উল্লেখ্য যে, দয়াহীনভাৱে চলি থকা উচ্ছেদ অভিযানৰ মাজতে বৃহস্পতিবাৰে শিলসাঁকো বিলৰ 19 খন উন্নয়ন সমিতিয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাত আগন্তুক 10 দিনলৈ শিলসাঁকোত উচ্ছেদ সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Silsako eviction temporarily stopped) ৷

যেন শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালৰ চকুৰ পানীয়ে হৃদয় গলালে দিছপুৰৰ ৷ আগন্তুক 10 টা দিনলৈ শিলসাঁকো বিলত নচলে প্ৰশাসনৰ বুলড’জাৰ ৷ উল্লেখ্য যে, উন্নয়ন সমিতিসমূহৰে হোৱা আলোচনাত মুখ্যমন্ত্ৰী শৰ্মাই শিলসাঁকো বিলৰ প্ৰস্তাৱিত হ্ৰদৰ বাবে প্ৰয়োজন হোৱা ভূমি আৰু উচ্ছেদিত পৰিয়ালসমূহৰ পুনঃসংস্থাপনৰ বিষয়টো জৰীপ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে কামৰূপ মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনক ।

শিলসাঁকোত অসমৰ সৰ্ববৃহৎ হ্ৰদ গঢ়ি তোলাৰ পৰিকল্পনা

অৱশ্যে 2008 চনৰ জলাশয় আইন বলৱৎ হোৱাৰ পাচত শিলসাঁকো বিল বেদখল কৰা পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ দায়িত্ব চৰকাৰে নলয় বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ উদ্ধৃতি দি স্পষ্ট কৰি দিছে GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকাই (GMDA chairman Narayan Deka) ৷ শিলসাঁকোৰ প্ৰসংগক লৈ উন্নয়ন সমিতিসমূহৰ সৈতে মুখ্যমন্ত্ৰীৰ হোৱা বৈঠকৰ সিদ্ধান্তৰ সন্দৰ্ভত GMDA ৰ অধ্যক্ষ নাৰায়ণ ডেকাই জানিবলৈ দিয়া মতে গুৱাহাটীবাসীৰ স্বাৰ্থত শিলসাঁকো বিলক বেদখলমুক্তকৰাত গুৰুত্ব দিছে মুখ্যমন্ত্ৰীয়ে (Mission Flood Free Guwahati) ।

অৱশ্যে মুখ্যমন্ত্ৰীয়ে শিলসাঁকো বিলৰ বহন ক্ষমতাৰ বাবে প্ৰয়োজন হোৱা ভূমিৰ জৰীপ কৰি প্ৰতিবেদন দাখিল কৰিবলৈ GMDA আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনক নিৰ্দেশ দিছে ৷ সেই জৰীপত বৰ্তমানলৈ যিসকল লোকক উচ্ছেদ কৰা হ’ল বা নতুনকৈ যিসকল লোকক উচ্ছেদ কৰা হ’ব, তেওঁলোকক কি ধৰণে আন স্থানলৈ স্থানান্তৰ কৰিব পাৰি আৰু অৱশিষ্ট মাটিত থকা লোকসকলৰ বিষয়টো স্থায়ী সমাধানৰ বাবেও মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিছে (Massive eviction derive in Guwahati) ।

কিন্তু 2008 চনৰ জলাশয় আইনৰ বলৱৎ হোৱাৰ পাচত যিসকল লোকে বিলৰ ভূমি বেদখল কৰিছে, সেইসকল লোকক ক্ষতিপূৰণ বা অন্য স্থানত সংস্থাপনৰ কথা নাই । উল্লেখ্য যে, যিসকল লোকক ইতিমধ্যে শিলসাঁকো বিলৰ পৰা উচ্ছেদ কৰা হৈছে তেওঁলোক 2008 চনৰ পাচত অহা বুলি জানিবলৈ দিয়ে GMDA ৰ অধ্যক্ষই ৷

তেওঁ কয় যে, মুখ্যমন্ত্ৰীয়ে 2008 চনৰ আগৰ লোকসকলৰ ক্ষেত্ৰতহে পুনৰ সংস্থাপনৰ কথা কৈছে ৷ 2008 চনৰ জলাশয় আইনৰ পূৰ্বৰে পৰা থকা লোকসকলৰ প্ৰতিহে চৰকাৰ দায়ৱদ্ধ ৷ 2008 চনৰ পূৰ্বৰ লোকসকলকো উচ্ছেদ হ’ব আৰু তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব ৷ আগন্তুক 10 দিনলৈ নতুন উচ্ছেদ নচলে বুলি তেওঁ জানিবলৈ দিয়ে ৷

ইয়াৰ দ্বাৰা এইটো কথা স্পষ্ট যে ইতিমধ্যে উচ্ছেদিত হোৱা শিলসাঁকো বিলৰ লোকসকলে কোনো ধৰণৰ পুনৰ সংস্থাপন লাভ নকৰে ৷ অৱশ্যে অতি দুখীয়া লোকসকলক ক্ষতিপূৰণ দিবলৈ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে প্ৰশাসনক নিৰ্দেশ দিছে ৷ ইফালে চৰকাৰৰ কঠোৰ নিৰ্দেশত শিলসোঁকো বিলত মাটিৰ দালালি কৰা সকলৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে ৷

ইতিমধ্যে আৰক্ষীয়ে পৰেশ দাস নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে ৷ শুকুৰবাৰে তেওঁক আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তেওঁক চাৰি দিনৰ বাবে আৰক্ষীৰ জিন্মালৈ প্ৰেৰণ কৰে ৷ লক্ষ্যনীয় বিষয় যে শিলসাঁকো বিলৰ অন্তৰ্গত উন্নয়ন সমিতিসমূহৰ সৈতে বৃহস্পতিবাৰে জনতা ভৱনত হোৱা মুখ্যমন্ত্ৰীৰ বৈঠকত উপস্থিত আছিল পৰেশ দাস নামৰ লোকজন (Land broker arrested in Guwahai) ৷

সাতগাঁও উন্নয়ন সমিতিৰ পৰা সেই বৈঠকখনত প্ৰতিনিধিত্ব কৰিছিল পৰেশ দাসে ৷ কিন্তু সেই পৰেশ দাসকেই মাটিৰ দালালিৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত আৰু অধিক লোক পৰাৰ সম্ভাৱনা আছে ৷ আনহাতে সাময়িকভাৱে স্থগিত হ’লেও শিলসাঁকো বিলৰ উচ্ছেদ অভিযান বন্ধ নহয় ৷ পুনৰ জোৰদাৰভাৱে চলিব উচ্ছেদ অভিযান ৷

লগতে পঢ়ক:Silsako eviction updates: উচ্ছেদৰ ক্ষোভত মুখ্যমন্ত্ৰীক অভিশাপ; আজমলৰ ভূমিতো চলিল উচ্ছেদ অভিযান

Last Updated : Mar 4, 2023, 8:02 PM IST

ABOUT THE AUTHOR

...view details