গুৱাহাটী, ২১ ডিচেম্বৰ : পুনৰ চৰ্চাত পক্ষী অভয়াৰণ্য (Dipor Beel Bird Sanctuary) হিচাপে খ্যাত দীপৰ বিল ৷ শীঘ্ৰেই দীপৰ বিলত চলিব উচ্ছেদ অভিযান ৷ সেয়ে মাত্ৰ ১০ দিনৰ ভিতৰতে দীপৰ বিলৰ অবৈধ দখলৰ বিৰুদ্ধে ৰাজহ বিভাগক সকলো তথ্য দাখিলৰ নিৰ্দেশ দিছে অসম চৰকাৰে (Assam govt to clear dipor beel eviction) ।
১০ দিনৰ ভিতৰত দীপৰ বিলৰ অবৈধ দখলৰ বিৰুদ্ধে তথ্য সংগ্ৰহ কৰি দাখিলৰ বাবেও প্ৰশাসনক আহ্বান জনাইছে পর্যটন মন্ত্ৰী বিমল বৰা(Bimal Bora concerned over dipor beel encroachment)ই । ১৯৮৫ চনৰ পৰা দীপৰ বিলক বেদখলকাৰীৰ পৰা ৰক্ষা কৰিব পৰা নাই অসম চৰকাৰে । এই অসহায় স্বীকাৰোক্তি পর্যটন মন্ত্ৰী বিমল বৰাৰ ।
শীঘ্ৰে দীপৰ বিলত চলিব উচ্ছেদ অভিযান মঙলবাৰে বিধানসভাৰ শীতকালীন অধিৱেশনত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দীপৰ বিলৰ প্ৰসংগত প্ৰশ্ন উত্থাপন কৰিছিল । উত্তৰত মন্ত্ৰী বিমল বৰাই কয় যে, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা (Ramendra Narayan Kalita)ই দীপৰ বিলক বেদখলকাৰীৰ পৰা বচোৱাৰ বাবে ১৯৮৫ চনৰ পৰা মাত মাতি আহিছে ।
তথাপিও অসম চৰকাৰে বিলখন বচাব পৰা নাই (Land Encroachment of Dipor Beel)। দীপৰ বিলক লৈ কেৱল গুৱাহাটীবাসী বা অসমবাসী নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলবাসীৰ আবেগ জড়িত হৈ আছে । দীপৰ বিলক পর্যটন কেন্দ্ৰ(Ramsar site Dipor beel to become tourist centre) ৰূপে গঢ়ি তুলিবলৈ ১০ কোটি টকা ধার্য কৰা হৈছে ।
কিন্তু দীপৰ বিল পক্ষী অভয়াৰণ্য (Dipor Beel Bird Sanctuary) হোৱা বাবে চৰকাৰে তাত কোনো নির্মাণ কৰিব পৰা নাই বুলি বিধানসভাৰ শীতকালীন অধিৱেশনত মন্ত্ৰী বৰাই সদৰি কৰে । পর্যটকৰ বাবে পক্ষী তথা দীপৰ বিলৰ সৌন্দর্য উপভোগৰ বাবে এক টাৱাৰো নির্মাণ কৰা হ'ব ।
দীপৰ বিলক পর্যটন কেন্দ্ৰৰূপে গঢ়ি তুলিব উল্লেখ যে, পৰ্যটন মন্ত্ৰী বিমল বৰাৰ আহ্বান মৰ্মে ৰাজহ মন্ত্ৰী যোগেন মোহনে (Revenue Minister Jogen Mahan) দীপৰ বিলৰ পাৰত উপস্থিত হৈ বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে মিলিত হৈ বেদখল সন্দৰ্ভত সকলো তথ্য এসপ্তাহৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ দিছে । দীপৰ বিলৰ সংৰক্ষিত এলেকাত হোৱা বেদখল শীঘ্ৰেই উচ্ছেদ কৰি দিয়া হ'ব বুলি যোগেন মোহনে মন্তব্য কৰিছে ।
লগতে পঢ়ক :Dipor Bil: দীপৰ বিলত হাউচ ব'ট স্থাপনৰ সিদ্ধান্ত পৰ্যটন বিভাগৰ