অসম

assam

ETV Bharat / state

দিল্লীৰ সাংবাদিকক অপদস্থ কৰা অ'লা চালকক ধৰি আৰক্ষীক গতালে পৰিবহণ বিভাগে

এজন অ’লা চালকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাংবাদিক নিকিতা জৈনক অপদস্থ কৰাৰ বিষয়টো টুইট যোগে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাঁক বাহনখনৰ নম্বৰসহ অৱগত কৰে । অৱশেষত বাহনখনৰ নম্বৰৰ আঁত ধৰি চালকজনৰ মবাইল ফোনৰ অৱস্থিতিৰ সহায়ত বিয়লি লখৰাৰ সমীপত বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰিবলৈ সক্ষম হয় ।

By

Published : May 28, 2022, 10:31 PM IST

Updated : May 28, 2022, 10:46 PM IST

enforcement-department-nabbed-cab-driver-for-misbehave
দিল্লীৰ সাংবাদিকক অপদস্থ কৰা অ'লা চালকক ধৰি আৰক্ষীক গতালে পৰিবহণ বিভাগে

গুৱাহাটী, 28 মে': গুৱাহাটী মহানগৰীত যাত্ৰীক অনলাইন মাধ্যমৰ জৰিয়তে সেৱা আগবঢ়াই অহা একাংশ অ'লা, উবেৰ, পে-ইণ্ডিয়া, ৰেপিডো আদিৰ চালকে ভাড়াৰ নামত যাত্ৰীক শাৰীৰিক-মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে গন্তব্য স্থানলৈ যোৱাৰ সলনি আদবাটতে নমাই দিয়াৰ অভিযোগ নতুন নহয় । অৱশেষত দিল্লীৰ এগৰাকী যুৱতী সাংবাদিকক অপদস্থ কৰা এজন চালকক জিলা উপায়ুক্তৰ নিৰ্দেশত আজি পৰিবহণ বিভাগৰ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু দাসৰ নেতৃত্বত এটা দলে আটক কৰি আৰক্ষীক গতাই দিয়ে ।

প্ৰাপ্ত খবৰ মতে দিল্লীৰ নিকিতা জৈন নামৰ যুৱতী সাংবাদিক গৰাকী এজন সতীৰ্থৰ সৈতে কামাখ্যালৈ যাবলৈ বুলি বেলতলাত আজি পুৱা 10 মান বজাত অনলাইনত এখন অ'লা বুক কৰে । কিন্ত অ'লাৰ চালকজনে গন্তব্য স্থানত গৈ অনলাইনত ভাড়া লবলৈ অমান্তি হোৱাৰ লগতে অধিক ভাড়া বিচাৰে । ফলত এই লৈ দুয়োপক্ষৰ মাজত তৰ্ক-বিতৰ্ক হোৱাৰ মাজতে চালকজনে নিকিতা জৈন আৰু সতীৰ্থজনক 'বাংলাদেশী' বুলি অভিহিত কৰে ।

আনকি চালকজনে নিকিতা জৈনৰ সৈতে অহা সতীৰ্থজনক ৰডেৰে প্ৰহাৰ কৰিবলৈও উদ্যত হয় । অৱশ্যে কিছু সময় পাছতে নিকিতা জৈনে টুইট যোগে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝাঁক বিষয়টো বাহনখনৰ নম্বৰসহ অৱগত কৰে । লগে লগে উপায়ুক্ত ঝাঁই কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু দাসক চালকসহ বাহনখন জব্দ কৰিবলৈ নিৰ্দেশ দিয়ে । অৱশেষত বাহনখনৰ নম্বৰৰ আঁত ধৰি চালকজনৰ মবাইল ফোনৰ অৱস্থিতিৰ সহায়ত বিয়লি লখৰাৰ সমীপত বাহনখন জব্দ কৰাৰ লগতে চালকজনক আটক কৰিবলৈ সক্ষম হয় ।

আটক হোৱা চালকজনক প্ৰকাশ গগৈ বুলি চিনাক্ত কৰা হৈছে । অৱশেষত উপায়ুক্তৰ নিৰ্দেশত চালকজনৰ বিৰুদ্ধে গোচৰ ৰজু কৰি জালুকবাৰী আৰক্ষী থানাত গতাই দিয়া হয় । আনহাতে জিলা পৰিবহণ বিষয়া হিমাংশু দাসে জানিবলৈ দিয়া মতে আগন্তক দিনত যদি গুৱাহাটীত কোনো অ'লা, উবেৰ, ৰেপিডো, পে-ইণ্ডিয়াৰ চালকে সেৱা আগবঢ়োৱাৰ নামত যাত্ৰীক হাৰাশাস্তি কৰে তেন্তে তেওঁলোকৰ বিৰুদ্ধে গাড়ী চালনাৰ অনুজ্ঞাপত্ৰ আৰু বাহনৰ পঞ্জীয়ন নিলম্বন বা বাতিল কৰাৰ লগতে চালকৰ বিৰুদ্ধে আৰক্ষীত গোচৰ ৰজু কৰা হব ।

লগতে পঢ়ক:গুৱাহাটীৰ ৱাৰ্ডে-ৱাৰ্ডে হ'ব চৰকাৰী চিকিৎসালয়: মন্ত্রী কেশৱ মহন্ত

Last Updated : May 28, 2022, 10:46 PM IST

ABOUT THE AUTHOR

...view details