গুৱাহাটী,২০ ডিচেম্বৰঃনাগৰিকত্ব সংশোধনী আইন বিৰোধী জনজাগৰণ দেখি একপ্ৰকাৰ থৰকাছুটি হেৰাইছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্য চৰকাৰ আৰু বিজেপি দলৰ। বৄহস্পতিবাৰে নিজ দলৰে একাংশ বিধায়কে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ৰাইজৰ মুখামুখি হ'বলৈ আহ্বান জনোৱাৰ পিছত ততাতৈয়াকৈ শুকুৰবাৰে পুৱাই মুখ্যমন্ত্ৰীয়ে এক সংবাদমেলৰ আয়োজন কৰে। তাৰ পিছতেই তেওঁ ৰাওনা হয় নলবাৰীত বিজেপিয়ে অনুষ্ঠিত কৰা শান্তি সমদলত ভাগ লবলৈ।
শনিবাৰে বিজেপি বিধায়িনী দল আৰু কেবিনেটৰ জৰুৰী বৈঠক - BRAHMMAPUTRA GUEST HOUSE ASSAM
শনিবাৰে পুৱা ১১ বজাৰ পৰা ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত আহ্বান জনোৱা হৈছে বিজেপি বিধায়িনী দলৰ এক জৰুৰী বৈঠকৰ । দলৰ সকলো বিধায়কক এই বৈঠকত উপস্থিত থাকিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে । সমান্তৰালভাৱে কেবিনেট বৈঠকৰো আহ্বান জনোৱা হৈছে একেদিনাই ৷
ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে কাইলৈ অৰ্থাৎ শনিবাৰে পুৱা ১১ বজাৰ পৰা ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত আহ্বান জনোৱা হৈছে বিজেপি বিধায়িনী দলৰ এক জৰুৰী বৈঠকৰ । দলৰ সকলো বিধায়কক এই বৈঠকত উপস্থিত থাকিবলৈ ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে । বিধায়িনী দলৰ বৈঠক শেষ হোৱাৰ পিছতে তাৎক্ষণিকভাবে একে স্থানতে মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হ'ব এখন কেবিনেট বৈঠক । বৃহস্পতিবাৰে এই কেবিনেট বৈঠকখন অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শেষ মুহূৰ্তত ইয়াক বাতিল কৰা হৈছিল।
লগতে পঢ়কঃ হঠাৎ বাতিল জৰুৰী কেবিনেট বৈঠক