গুৱাহাটী , 5 জুনঃ দেশ তথা সকলোৰে ব্যক্তিগত জীৱনলৈও অসংখ্য সমস্যা কঢ়িয়াই অনাৰ লগতে সকলোকে এই দীঘলীয়া বন্ধৰ সময়ছোৱাতে নিজৰ সুপ্ত প্ৰতিভা বিকশাই তোলাৰো এক সুবৰ্ণ সুযোগ আনি দিছে লক ডাউনে ৷ শিক্ষানুষ্ঠান বন্ধ হৈ থকাৰ ফলত শিশু সকলেও পাইছে নিজ প্ৰতিভাক বিকশিত কৰাৰ অফুৰন্ত সময় ৷ অনুৰোপভাৱে মহানগৰীত নিজ প্ৰতিভাৰে জিলিকিল এগৰাকী কণমানি ৷ মহানগৰীৰ ভৰলুমুখৰ প্ৰেছলি এলভিছ হাজৰিকা নামৰ ৫বছৰীয়া কণমানিটোৱে এই সময়তে অনুশীলন কৰি লাভ কৰে এক বিশেষ খিতাপ ৷ ২ মিনিট ১৫ ছেকেণ্ডৰ দীঘলীয়া সময় প্লাংক কৰি অসম বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় এলভিছে ৷ উল্লেখ্য যে,এলভিছৰ বয়সৰ কোনো কণমানিয়েই বৰ্তমানলৈকে 2 মিনিট সময় প্লাংক কৰিবলৈ সক্ষম হোৱা নাই ৷ অনলাইন যোগে এই খিতাপৰ বাবে প্ৰতিযোগিতাত ভাগ লোৱাৰ সময়তে এই অভিলেখ গঢ়িবলৈ সক্ষম হয় কণমানিটো ৷
2 মিনিট প্লাংক কৰি ৰেকৰ্ড গঢ়িলে কণমানি এলভিছে - আভিলেখ গঢ়িলে ভৰলুমুখৰ এলভিছে
প্লাংক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসম বুক অৱ ৰেকৰ্ডছত নাম অন্তঃভুক্ত কৰিবলৈ সক্ষম হল 5 বছৰীয়া এলভিছ ৷ বিশ্বৰেকৰ্ড গঢ়াৰ আশা পৰিয়ালৰ ৷
2 মিনিট প্লাংক কৰি ৰেকৰ্ড গঢ়িলে কণমানি এলভিছে