গুৱাহাটী, ৩ জুনঃ ২০২১ ৰ বিধানসভা নিৰ্বাচনলৈ সাজু হৈছে ৰাজ্য চৰকাৰৰ অংশীদাৰী দল অসম গণ পৰিষদ । বুধবাৰে নিৰ্বাচনী ৰণকৌশল যুগুতাবলৈ সামাজিক দুৰত্ব মানি অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক ৷ অগপৰ সকলো ভাতৃ ভগ্নী সংগঠনেৰে বৈঠকত মিলিত হয় কেন্দ্ৰীয় নেতৃত্ব ৷ সভাপতি অতুল বৰাৰ নেতৃত্বত অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা হয় ২০২১ ৰ বিধানসভা নিৰ্বাচনৰ ৰণকৌশল ৷ সমষ্টি ভিত্তিত দলে আই টি চেল গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে । এইবাৰ সামাজিক মাধ্যমৰ জৰিয়তে চলিব অগপৰ প্ৰচাৰ ৷ মুঠ ৮৫ টা সমষ্টিত গঠন হ'ব আই টি চেল ৷ উল্লেখ্য যে, এই ৮৫ টা সমষ্টি হৈছে অগপই বিভিন্ন সময়ত দখল কৰি অহা সমষ্টি ৷
আগন্তুক বিধানসভা নিৰ্বাচনলৈ সাজু অগপ - অগপৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়
বুধবাৰে ৰাজ্য চৰকাৰৰ অংশীদাৰী দল অসম গণ পৰিষদে নিৰ্বাচনী ৰণকৌশল যুগুতাবলৈ সামাজিক দুৰত্ব মানি অনুষ্ঠিত কৰে এখন গুৰুত্বপূৰ্ণ বৈঠক ৷
বৈঠকৰ সিদ্ধান্ত মৰ্মে ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে প্ৰতি সমষ্টিত বিষয়ববীয়াৰ লগত মিলিত হ'ব কেন্দ্ৰীয় নেতৃত্ব ৷ প্ৰতি সমষ্টিৰ আই টি চেলৰ দায়িত্বত আছে দলৰ একো একোজন কেন্দ্ৰীয় নেতা ৷ আনহাতে আগন্তুক বানপানীৰ সময়ত প্ৰতি সমষ্টিতে দলৰ কৰ্মী সকলক ৰাইজক সহায় কৰাৰো আহ্বান জনায় সভাপতি অতুল বৰাই ৷ বুধবাৰৰ বৈঠকত উপস্থিত থাকে অগপৰ মহিলা পৰিষদ,যুৱ পৰিষদ আৰু ছাত্ৰ পৰিষদৰ নেতৃবৰ্গ ৷ লগতে বৈঠকত উপস্থিত থাকে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য,ডাঃ কমলা কলিতা,বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা,বিধায়ক সত্যব্ৰত কলিতা,মনোজ শইকীয়াকে আদি কৰি বহুকেইজন শীৰ্ষ নেতা ।
লগতে পঢ়কঃশ্ৰমিকক ১০,০০০ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰ আহ্বান মমতা বেনাৰ্জীৰ