নিউজ ডেস্ক, 2 এপ্ৰিল :প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে ৷ পৰৱৰ্তী ৪৮ ঘণ্টাৰ বাবে হিমন্ত বিশ্ব শৰ্মাই চলাব নোৱাৰিব কোনো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ ৷
পৰৱৰ্তী ৪৮ ঘণ্টালৈ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই কোনো ৰাজহুৱা সভা, ৰোড শ্ব’, শোভাযাত্ৰা তথা ৰেলী আদিত অংশ ল’ব নোৱাৰিব হিমন্ত বিশ্বই । তদুপৰি প্ৰভাৱশালী নেতাজনে কোনো ধৰণৰ সাক্ষাৎকাৰো প্ৰদান কৰিব নোৱাৰিব বুলি নিৰ্বাচন আয়োগৰ নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰিছে ।
পৰৱৰ্তী ৪৮ ঘণ্টালৈ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই উল্লেখ্য যে, নিৰ্বাচনী প্ৰচাৰ সভাত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে কটু মন্তব্য কৰিছিল মন্ত্ৰী হিমন্তই ৷ যাৰ পাছতে ঘটনা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল কংগ্ৰেছে ৷
পৰৱৰ্তী ৪৮ ঘণ্টালৈ নিৰ্বাচনী প্ৰচাৰ চলাব নোৱাৰিব হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছতে নিৰ্বাচন আয়োগে মন্ত্ৰীগৰাকীক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰে ৷ হিমন্ত বিশ্বই নিৰ্বাচন আয়োগক দিয়া উত্তৰত সন্তুষ্ট নহৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰে আয়োগে ৷
লগতে পঢ়ক : ‘এম চি এম চি’ৰ অনুমােদন অবিহনে প্ৰকাশ কৰিব নােৱাৰিব বিজ্ঞাপন