অসম

assam

ETV Bharat / state

ডিচেম্বৰৰ পৰা ৰাজ্যৰ লগতে বহিঃৰাজ্যলৈ চলিব এই কেইখন বিশেষ ৰে'ল ... - বিশেষ ৰে'লৰ চলাচল

ৰে'লযাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণত সহায়ক হোৱাকৈ কিছুমান বিশেষ ৰে'লৰ চলাচল 30 নৱেম্বৰৰ পৰা আগলৈ বাহাল ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ-পূৱ ৰে'লৱে ৷ 28 নৱেম্বৰত উত্তৰ-পূৱ ৰে'লৱে প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে এই তথ্য ৷

special trains from December
ডিচেম্বৰৰ পৰা ৰাজ্যৰ লগতে বহিঃৰাজ্যলৈ চলিব এই কেইখন বিশেষ ৰে'ল ...

By

Published : Nov 28, 2020, 9:48 PM IST

গুৱাহাটী, 28 নৱেম্বৰ : ৰে'লযাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণত সহায়ক হোৱাকৈ কিছুমান বিশেষ ৰে'লৰ চলাচল 30 নৱেম্বৰৰ পৰা আগলৈ বাহাল ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰ-পূৱ ৰে'লৱে ৷ 28 নৱেম্বৰত উত্তৰ-পূৱ ৰে'লৱে প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে এই তথ্য ৷ বিজ্ঞপ্তি অনুসৰি, বিশেষ ৰে'লসমূহৰ লগতে অন্য কিছুমান ৰে'লৰ চলাচলো পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত সংশোধিত সময়সূচী অনুসাৰে চলাচল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

বিজ্ঞপ্তি অনুসৰি, সম্প্ৰসাৰণ কৰিব লগা ৰে'ল সমূহ হৈছেঃ

1. বিশেষ ৰে'ল নং 03173 শিয়ালদহ-আগৰতলা বিশেষ ৰে'ল ৷

2. বিশেষ ৰে'ল নং 03175 শিয়ালদহ-শিলচৰ বিশেষ ৰে'ল ৷

3. বিশেষ ৰে'ল নং 03141 শিয়ালদহ-নিউ আলিপুৰদুৱাৰ ৰে'ল ৷

4. বিশেষ ৰে'ল নং 02343 শিয়ালদহ-নিউ জলপাইগুৰি চুপাৰ ফাষ্ট বিশেষ ৰে'ল ৷

5. ৰেল নং 09305/09306 ডঃ আম্বেদকাৰ নগৰ-কামাখ্যা-ডঃ আম্বেদকাৰ নগৰ সাপ্তাহিক বিশেষ ৰে'ল ৷

6. ৰেল নং 05731 কাটিহাৰা-পাটনা ইন্টাৰচিটি এক্সপ্ৰেছ ৷

7. ৰে'ল নং 05612 শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৷

8. ৰে'ল নং 02549 কামাখ্যা-আনন্দ বিহাৰ এক্সপ্ৰেছ ৷

একেদৰেসংশোধিত দিন/সময়সূচীৰ সৈতে চলিবলগীয়া ৰে'ল সমূহঃ

1. ৰে'ল নং 02514 গুৱাহাটী চেকেন্দ্ৰাবাদ সাপ্তাহিক এক্সপ্ৰেছ ৷

2. ৰে'ল নং 02424 নিউ দিল্লী-ডিব্ৰুগড় চুপাৰ ফাষ্ট বিশেষ ৰে'ল ৷

3. ৰে'ল নং 02407 নিউ জলপাইগুৰি-অমৃতসৰ কৰ্মভূমি সাপ্তাহিক এক্সপ্ৰেছ ৷

পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত প্ৰত্যাহাৰ কৰিব লগা ৰে'লসমূহ হৈছেঃ

1. ৰেল নং 05812/05811 ৰে'লখন গুৱাহাটীৰ পৰা 01-12-2020 তাৰিখে যাত্ৰা কৰিবলগীয়া আৰু ধুবুৰীৰ পৰা 02-12-2020 তাৰিখে যাত্ৰা কৰিবলগীয়া গুৱাহাটী-ধুবুৰী এক্সপ্ৰেছ বিশেষ ৰে'লখনৰ যাত্ৰা পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত স্থগিত ৰখা হৈছে ৷

লগতে পঢ়ক: সামুদ্ৰিক নিৰাপত্তা সন্দৰ্ভত ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপৰ বৈঠক

ABOUT THE AUTHOR

...view details