গুৱাহাটী, 24মেঃ অহা ইং ২৫ মে'ত সমগ্ৰ ভাৰতৰ লগতে অসমত পালন কৰা হ'ব পৱিত্ৰ ঈদ-উল-ফিটৰ । ইতিমধ্যেই কেন্দ্ৰীয় হিলাল কমিটিয়ে ঘোষণা কৰিছে এই কথা । শনিবাৰে আকাশত জোন দেখা নোপোৱাৰ বাবেই এই সিদ্ধান্ত হিলাল কমিটিৰ । কমিটিৰ ঘোষণা অনুসৰি দেওবাৰে হ'ব ৰমজানৰ শেষৰটো ৰোজা ।
অসমত সোমবাৰে উদযাপন কৰা হ'ব ঈদ - Eid-ul-fitr will be celebrated in Assam on Monday
কৰ'ণাৰ কাল সংহাৰী ৰূপ আৰু লক ডাউনৰ বাবে এইবাৰ মুছলমান ধৰ্মগুৰু সকলে ঘৰতে ঈদৰ নামাজ আদায় কৰিবলৈ আহ্বান জনায় ৷
সোমবাৰে কৰা হ‘ব ঈদ উদযাপন
উল্লেখযোগ্য যে, কৰ'ণাৰ ভয়াৱহতাৰ বাবেই এইবাৰ ঈদৰ সমূহীয়া নামাজ বাতিল কৰা হৈছে । মহানগৰীৰ বুঢ়া জামে মছজিদ, গাড়ীগাঁও ঈদগাহ ময়দান কমিটিৰ লগতে বিভিন্ন মুছলমান ধৰ্মগুৰুয়ে সকলোকে ঘৰতে ঈদৰ নামাজ আদায় কৰিবলৈ আহ্বান জনাইছে । লগতে কোনো লক ডাউন ভংগ নকৰিবলৈও আহ্বান জনাইছে ৰাইজক ।
লগতে পঢ়কঃ দৰঙত বানৰ তাণ্ডৱ, প্লাৱিত কেইবাখনো গাঁও