অসম

assam

ETV Bharat / state

Eid Ul Fitr 2022 : ৰাজ্যজুৰি উলহ-মালহেৰে ঈদ-উল-ফিতৰ উদযাপন - মহানগৰীৰ সাঁতগাওস্থিত পুখৰীপাৰ জামে মছজিদ

আজি পৱিত্ৰ ঈদ-উল-ফিতৰ (Today is the holy Eid Ul Fitr) ৷ প্ৰায় দুটা বছৰৰ ক’ভিড সৃষ্ট পৰিৱেশৰ অন্তত ৰাজ্যৰ মছজিদসমূহত পৱিত্ৰ নামাজৰ বাবে ভিৰ কৰে ইছলামধৰ্মী লোকসকলে ৷ বিশ্ব শান্তিৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজহুৱা ঈদগাহৰ প্ৰাংগণত সমূহীয়া ঈদৰ নামাজৰ আদায়ৰ বাবে ৰাইজৰ ভিৰ ৷

eid-ul-fitr-celebration-in-assam
eid-ul-fitr-celebration-in-assam

By

Published : May 3, 2022, 10:45 PM IST

নিউজ ডেস্ক, 3 মে' : আজি পবিত্ৰ ঈদ-উল-ফিতৰ (Eid Ul Fitr 2022) ৷ পবিত্ৰ ৰমজান মাহৰ অন্ত পেলাই দেশ তথা ৰাজ্যত উদযাপন ঈদ-উল-ফিতৰ (Eid Ul Fitr celebration in Assam)৷ পবিত্ৰ ঈদ-উল-ফিতৰ উপলক্ষে সমগ্ৰ দেশৰ লগতে অসমতো দেখা গৈছে ব্যাপক উচাহ ৷ বিগত দুটা বছৰ ধৰি কোভিডসৃষ্ট পৰিৱেশৰ বাবে ইছলামধৰ্মী লোকসকলে মুকলিকৈ ঈদ পালন তথা ঈদৰ নামাজ পঢ়াৰ পৰা বঞ্চিত হৈছিল ।

সেয়ে দুটা বছৰৰ অন্তত এইবাৰ ক'ভিডৰ নিষেধাজ্ঞা উঠাই লোৱাত উৎফুল্লিত হৈ পৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকল (Eid celebration after 2 years in India)৷ প্ৰেম–ভাতৃত্ববোধৰ বাৰ্তাৰে ইজনে আনজনক জনাইছে ঈদৰ শুভেচ্ছা । ১ মাহ ধৰি ৰোজা ৰখাৰ পাছত আজি সকলোৱে পালন কৰিছে পবিত্ৰ ঈদ । পুৱাই ঈদগাহ, ময়দান সমূহত সমূহীয়া নামাজ আদায় কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ।

ইফালে মহানগৰীৰ সাতগাঁওস্থিত পুখৰীপাৰ জামে মছজিদ চৌহদত সহস্ৰাধিক লোকে আদায় কৰে ঈদৰ নামাজ । মছজিদৰ ইমাম আব্দুল ৱাহিদে ইমামতীৰ অন্তত বিশ্ব শান্তিৰ লগতে ক'ৰনা মহামাৰীৰ পৰা বিশ্ববাসীক ৰক্ষা কৰিবলৈ আল্লাৰ ওচৰত দোৱা মাগে ।

ৰাজ্যজুৰি ঈদৰ আনন্দৰ বন্যা

বিগত দুটা বছৰ ধৰি ক'ৰনা মহামাৰীৰ বাবে ঈদৰ সমূহীয়া নামাজ আদায় কৰা হোৱা নাছিল যদিও এইবেলি মছজিদ প্ৰাংগণত যথেষ্ট সংখ্যক লোকৰ ভিৰ পৰিলক্ষিত হয় । ইফালে নামাজ আদায় কৰাৰ পিছতে এজনে আনজনক আলিংগন কৰি যাচিলে ঈদৰ শুভেচ্ছা ।

কেৱল গুৱাহাটী মহানগৰীতেই নহয় , নগাঁৱৰ পুৰণিগুদাম, নলবাৰী, বৰপেটা, মঙলদৈ ইত্যাদি ভিন্ন স্থানতো ঈদৰ নামাজ পঢ়ি সকলোৱে মিলি উদযাপন কৰে পবিত্ৰ ঈদ-উল-ফিতৰ ৷ ইটিভি ভাৰতৰ তৰফৰ পৰাও সকলোলৈ থাকিল পৱিত্ৰ ঈদৰ অলেখ শুভেচ্ছা । এই ঈদে প্ৰতিগৰাকী লোকলৈ কঢ়িয়াই আনক শান্তি, সমৃদ্ধি আৰু ভাতৃত্ববোধৰ বতৰা ।

লগতে পঢ়ক :Eid-ul-fitr-2022 : মৰিগাঁৱৰ আঞ্চলিক ঈদগাহ ময়দানত সম্পন্ন ঈদৰ নামাজ

ABOUT THE AUTHOR

...view details