গুৱাহাটী, 25 মে’:কৰ’ণাৰ বিভীষিকাৰ মাজতে সোমবাৰে গুৱাহাটী মহানগৰীত পালন কৰা হয় পৱিত্ৰ ঈদ-উল-ফিটৰ । অৱশ্যে এইবাৰ ঈদত আগৰ দৰে দেখা পোৱা নগ’ল উছাহৰ ঢল । চৰকাৰে ধাৰ্য কৰি দিয়া স্বাস্থ্যবিধি আৰু ইছলাম ধৰ্মীয় গুৰুসকলৰ আহ্বান মানি মহানগৰীত ইছলাম ধৰ্মীয় লোকসকলে ঘৰতে পালন কৰিলে পৱিত্ৰ ঈদ ।
কৰ’ণাতংকৰ মাজতে মহানগৰীত পালন পৱিত্ৰ ঈদ - মহানগৰীত পালন পবিত্ৰ ঈদ
সোমবাৰে গুৱাহাটী মহানগৰীত পালন পৱিত্ৰ ঈদ-উল-ফিটৰ ৷ লকডাউনৰ বাবে আন বছৰৰ দৰে এইবাৰ উছাহ দেখা নগ’ল ঈদত ৷ চৰকাৰী নিৰ্দেশনা মানি নিজ নিজ ঘৰতে নামাজ পঢ়িলে ইছলাম ধৰ্মাৱলম্বী লোকসকলে ৷
মহানগৰীত পালন পবিত্ৰ ঈদ
লকডাউনৰ নীতি নিৰ্দেশনা অনুসৰি, মহানগৰীত এতিয়া বন্ধ হৈ আছে সকলো মছজিদ-ঈদগাহ । মহানগৰীৰ মাছখোৱা, হাতীগাঁও, লাখটকীয়া, ফাঁচী বজাৰ আদিত সকলো মছজিদ খালী হৈ থকা দেখা গ'ল । লগতে ঈদগাহৰ সমূহীয়া নামাজো বাতিল কৰা হৈছে মহানগৰীত ।