অসম

assam

By

Published : Sep 19, 2020, 8:40 PM IST

ETV Bharat / state

মূল্যবৃদ্ধি ৰোধৰ দাবীৰে নাৰেংগীত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ

নাৰেংগীত মুখ্যমন্ত্ৰীৰ লগতে যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ ৷ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰে কোনো পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগত প্ৰতিবাদেৰে ৰাজপথ উত্তাল কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰেংগী আঞ্চলিক সমিতিয়ে ৷ প্ৰতিবাদকাৰী সকলৰ মন্তব্য মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ লব নোৱাৰা কথাটোৱে চৰকাৰৰ চৰম ব্যৰ্থতা উদঙাইছে ৷

নাৰেংগীত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ
নাৰেংগীত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ

গুৱাহাটী, 19 চেপ্তেম্বৰ:প্ৰতিবাদেৰে ৰাজপথ উত্তাল কৰি নাৰেংগীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰেংগী আঞ্চলিক সমিতিয়ে দাহ কৰিলে মুখ্যমন্ত্ৰীৰ লগতে যোগানমন্ত্ৰীৰ পুত্তলিকা ৷ পৰিষদৰ অভিযোগ লকডাউনৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধিয়ে মাধমাৰ শোধাইছে সাধাৰণ জনতাৰ মূৰত ৷ কিন্তু তাৰ পাছতো মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত শাসনাধিষ্ঠ বিজেপি চৰকাৰে এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহন কৰা পৰিলক্ষীত হোৱা নাই ৷ চৰকাৰৰ এই অমনোযোগিতাৰ বিৰুদ্ধে শনিবাৰে 'চিণ্ডিকেটৰাজ বন্ধ কৰক', 'অসম চৰকাৰ হায় হায়' আদি শ্লোগানেৰে প্ৰতিবাদকাৰী সকলে নাৰেংগীৰ ৰাজপথ উত্তাল কৰি তোলে ৷

মূল্যবৃদ্ধি ৰোধৰ দাবীৰে নাৰেংগীত মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ

উল্লেখ্য যে, ক'ৰণা অতিমাৰীৰ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে চৰকাৰৰ নিৰ্দেশ মানি গুৱাহাটীবাসীয়ে মাহজোৰা লকডাউন মানি আহিছিল ৷ এই মাহজোৰা লকডাউনত অনেকেই কৰ্ম সংস্থাপন হেৰুৱাব লগা পৰিস্থিতিৰো উদ্ভৱ হৈছে ৷ লকডাউনৰ সময়ছোৱাত চি টি বাছৰ চলাচল তথা ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হোৱাৰ ওপৰি স্বাভাৱিক জীৱন যাত্ৰা প্ৰায় স্তব্ধ হৈ পৰাত অনেকেই নিজৰ বৃত্তি সলনি কৰিবলৈও বাধ্য হৈছিল ৷ এনে পৰিস্থিতিত লকডাউনে জুৰুলা কৰাৰ পাছত পুনৰ মূল্যবৃদ্ধিৰ দৰে সমস্যাৰ মুখামুখি হবলৈ অপাৰগ মহানগৰবাসী যেন এতিয়া ক্ষোভত ফাটি পৰিছে ৷ অৱশেষত মূল্যবৃদ্ধি নিয়ন্ত্ৰনৰ ক্ষেত্ৰত চৰকাৰৰ বিফলতাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু যোগানমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটালে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নাৰেংগী আঞ্চলিক সমিতিৰ নেতাসকলে ৷

প্ৰতিবাদকাৰী সকলে মন্তব্য কৰে যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো পদক্ষেপ লব নোৱাৰা কথাটোৱে আচলতে চৰকাৰৰ চৰম ব্যৰ্থতাৰ কথাকে উদঙাইছে ৷ সংগঠনটোৰ অভিযোগ খাৰুপেটীয়াৰ পৰা অহা 20 টকা দামৰ পাচলিৰ গুৱাহাটী আহি পালে দাম হয়গৈ 80 টকা ৷ ইয়াৰ সমান্তৰালকৈ আলু, পিয়াজৰ ধাৰাবাহিক মূল্যবৃদ্ধিয়েও গুৱাহাটীবাসী ৰাইজক জলা-কলা খুওৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ ৷

লগতে পঢ়ক:কাগজ কল পুনৰ মুকলিৰ ঘোষণাক ফুটুকাৰ ফেন আখ্যা দেৱব্ৰত শইকীয়াৰ

ABOUT THE AUTHOR

...view details