অসম

assam

ETV Bharat / state

ক'ভিডৰ গ্ৰাসত শিক্ষানুষ্ঠান : সংক্ৰমণৰ বাবে বন্ধ কুৰিখন বিদ্যালয় - জ্ঞান বিকাশ একাডেমী

বৰ্তমানলৈ কুৰিগৰাকীৰো অধিক শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ৪৫জন শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত হৈছে । মঙলদৈ চহৰৰ জ্ঞান বিকাশ একাডেমী নামৰ এখন ব্যক্তিগত খণ্ডৰ চেকেণ্ডাৰী স্কুলত ২২ জন শিক্ষাৰ্থী ক'ভিড পজিটিভ । ৫০ শতাংশ শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতিৰে পাঠদান চলাৰ মাজতে ক’ভিড সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাত স্বাস্থ্য বিভাগৰ লগতে অভিভাৱকসকলো চিন্তিত হৈ পৰিছে । মহানগৰীত বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ ।

educational-institutes-of-assam-are-under-covid
ক'ভিডৰ গ্ৰাসত শিক্ষানুষ্ঠান : সংক্ৰমণৰ বাবে বন্ধ কু্ৰিখন বিদ্যালয়

By

Published : Oct 31, 2021, 5:11 PM IST

গুৱাহাটী,৩১ অক্টোবৰ : এখনৰ পাছত আনখনকৈ বিদ্যালয়ত ক’ভিডৰ সংক্ৰমণ আৰম্ভ হৈছে । ইতিমধ্যে ক’ভিডৰ সংক্ৰমণৰ বাবেই বন্ধ কৰি দিয়া হৈছে কুৰিখনকৈ শিক্ষানুষ্ঠান । পৰ্যায় ক্ৰমে ক'ভিড সম্পৰ্কীয় এছ অ' পি শিথিল কৰি অনাৰ সমান্তৰালকৈ উৎসৱ-পাৰ্বন আৰু নিৰ্বাচনী ধামখুমীয়াৰ পাছতে ৰাজ্যত পুনৰ ক’ভিড ভাইৰাছে এফালৰ পৰা ছানি ধৰিছে । বিশেষকৈ ক’ভিডৰ বাবে বিপদজনক হৈ পৰিছে শিক্ষানুষ্ঠানসমূহ । বিগত ১৯ অক্টোবৰৰ পৰা সকলো শ্ৰেণীৰ পাঠদান আৰম্ভ হৈছে যদিও শেহতীয়াকৈ এখনৰ পাছত আনখনকৈ শিক্ষানুষ্ঠানত শিক্ষক-শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত হৈছে ।

যাৰ ফলত বন্ধ কৰি দিবলগীয়া হৈছে ৰাজ্যৰ কুৰিখনকৈ শিক্ষানুষ্ঠানৰ সমগ্ৰ পাঠদান ব্যৱস্থা । লক্ষণীয়ভাৱে শিক্ষানুষ্ঠানৰ দুৱাৰ খোলাৰ পাছত এই পৰ্যন্ত ৰাজ্যৰ প্ৰায় কুৰিখন শিক্ষানুষ্ঠানৰ অৰ্ধশতাধিক শিক্ষক আৰু শিক্ষাৰ্থীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰিছে । আক্ৰান্ত সকলৰ ভিতৰত ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীও আছে । তথ্য অনুসৰি বৰ্তমানলৈ কুৰিগৰাকীৰো অধিক শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ৪৫জন শিক্ষাৰ্থী ক’ভিডত আক্ৰান্ত হৈছে ।

ক'ভিডৰ গ্ৰাসত শিক্ষানুষ্ঠান : সংক্ৰমণৰ বাবে বন্ধ কু্ৰিখন বিদ্যালয়

ক’ভিড সংক্ৰমণৰ পাছতেই গুৱাহাটীৰ দুখন শিক্ষানুষ্ঠান প্ৰশাসনে মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ লগতে ডিব্ৰুগড়, শোণিতপুৰ, দৰং আদি জিলাৰ কেইবাটাও স্থানত বহু শিক্ষানুষ্ঠান ক’ভিড সংক্ৰমণৰ বাবে সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে । ৫০ শতাংশ শিক্ষাৰ্থী আৰু শিক্ষকৰ উপস্থিতিৰে পাঠদান চলাৰ মাজতে ক’ভিড সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাত স্বাস্থ্য বিভাগৰ লগতে অভিভাৱকসকলো চিন্তিত হৈ পৰিছে ।

গুৱাহাটীৰ মালিগাঁৱৰ কামাখ্যা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ক’ভিড আক্ৰান্ত হোৱাৰ পাছতেই বৃহস্পতিবাৰৰে পৰা কাৰ্যকৰি হোৱাকৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে বিদ্যালয়খন বন্ধ কৰি মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে ৷ ইপিনে গাড়ীগাঁৱৰ বালিকা মোক্তাব স্কুলৰ তিনি শিক্ষক ক'ভিড পজিটিভ হোৱাত শিক্ষানুষ্ঠানখন মহানগৰ প্ৰশাসনে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে ৷ ইপিনে গুৱাহাটীৰ ভঙাগড়স্থিত মুখ্যমন্ত্ৰী বিশেষ তদাৰকী কোষৰ কেইবাজনো আৰক্ষী বিষয়া-জোৱান ক’ভিডত আক্ৰান্ত হোৱাত সমগ্ৰ কাৰ্যালয়টো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে ।

ক'ভিডৰ গ্ৰাসত শিক্ষানুষ্ঠান : সংক্ৰমণৰ বাবে বন্ধ কু্ৰিখন বিদ্যালয়

আনহাতে, শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ৪ খন শিক্ষানুষ্ঠান ক’ভিডৰ বাবে প্ৰশাসনে বন্ধ ঘোষণা কৰিছে ৷ ঢেকিয়াজুলিৰ বৰছলাৰ ধিৰাই মাজুলী অঞ্চলত ছাত্ৰসহ মুঠ ৩ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত স্থানীয় ৪ খন বিদ্যালয় এসপ্তাহৰ বাবে বন্ধ কৰি দিছে ৷ শিক্ষা বিভাগৰ এছ অ’ পি অনুসৰি কোনো অঞ্চলত ক’ভিড পজিটিভ ধৰা পৰিলে এক কিলোমিটাৰ ব্যাসাৰ্ধৰ শিক্ষানুষ্ঠানসমূহ এসপ্তাহৰ বাবে বন্ধৰ নিৰ্দেশ প্ৰদান কৰা হৈছে । সেই সূত্ৰেই ধিৰাইমুখ প্ৰাথমিক বিদ্যালয়, ধিৰাই মাজুলী এম ই স্কুল, ধিৰাই মাজুলী হাইস্কুল আৰু ধিৰাই মাজুলী শংকৰদেৱ শিশু নিকেতন এসপ্তাহৰ বাবে শিক্ষা বিভাগে বন্ধ কৰি দিছে ।

আনহাতে, ডিব্ৰুগড় জিলাৰ চাবুৱাৰ অসম বিদ্যাপীঠ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসহ ৬ গৰাকী ছাত্ৰীৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাত বৃহস্পতিবাৰে বিদ্যালয়খন এসপ্তাহৰ বাবে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰে শিক্ষা বিভাগে । ইপিনে, শুকুৰবাৰে ডিব্ৰুগড় চৰকাৰী উচ্ছতৰ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয় আৰু বৰবৰুৱা ৰামেশ্বৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী ছাত্ৰীৰ ক’ভিড পজিটিভ ধৰা পৰিছে ।

ক'ভিডৰ গ্ৰাসত শিক্ষানুষ্ঠান : সংক্ৰমণৰ বাবে বন্ধ কু্ৰিখন বিদ্যালয়

শিক্ষানুষ্ঠানৰ উপৰি আৰক্ষী বিভাগতো ক'ভিডৰ ব্যাপক সংক্ৰমণ হৈছে । কেইবাজনো শীৰ্ষ বিষয়া-জোৱান ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হ’ব লগা হৈছে । নিৰ্বাচনৰ মাজতে যোৰহাটৰ আৰক্ষী অধীক্ষক অংকুৰ জৈন আৰু বজালীৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ কুমাৰ দাস ক’ভিডত আক্ৰান্ত হোৱাত নিৰ্বাচন আয়োগে সাময়িকভাৱে জিলা দুখনত নতুন আৰক্ষী অধীক্ষক নিযুক্তি দিয়ে ।

ইফালে, দৰং জিলাত পুনৰ কৰ'ণাৰ ভয়াবহ ৰূপ দেখা গৈছে । মঙলদৈ চহৰৰ জ্ঞান বিকাশ একাডেমী নামৰ এখন ব্যক্তিগত খণ্ডৰ ছেকেণ্ডাৰী স্কুলত শনিবাৰে ২২ জন ছাত্ৰ-ছাত্ৰীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে । শুকুৰবাৰে দৰঙৰ তিনিখন বিদ্যালয়ৰ তিনিজন ছাত্ৰৰ দেহত ক’ভিদৰ উপস্থিতি ধৰা পৰিছিল । সেই তিনিখন বিদ্যালয় হল মঙলদৈৰ জ্ঞান বিকাশ একাডেমী, ছিপাঝাৰৰ ট্ৰিনিটি কলেজ আৰু খাৰুপেটীয়া প্ৰাথমিক বিদ্যালয় ।

ক'ভিডৰ গ্ৰাসত শিক্ষানুষ্ঠান : সংক্ৰমণৰ বাবে বন্ধ কু্ৰিখন বিদ্যালয়

সেয়ে শনিবাৰে বিদ্যালয়কেইখনত ক’ভিড পৰীক্ষা কৰাত জ্ঞান বিকাশৰ ২২ জন, ছিপাঝাৰৰ ট্ৰিনিটি কলেজৰ এজনৰ দেহত ক’ভিদৰ উপস্থিতি ধৰা পৰে ৷ তিনিখন বিদ্যালয়ৰ প্ৰায় চাৰিশ ছাত্ৰ-ছাত্ৰীক ক’ভিদ পৰীক্ষা কৰা হৈছিল৷ জিলা প্ৰশাসনে মঙলদৈৰ জ্ঞান বিকাশ একাডেমী সাত দিনৰ বাবে বন্ধ কৰাৰ নিৰ্দেশ দিছে । লগতে বিদ্যালয়খন চেনিটাইজ কৰাৰ ব্যৱস্থা লোৱা হৈছে ৷

বিদ্যালয় সমূহ দীঘলীয়া সময় বন্ধ থকাৰ পিছত এতিয়া পৰ্যায় ক্ৰমে বিদ্যালয় সমূহ খোলাৰ পিছতে এনে পৰিস্থিতিৰ সৃষ্টি হোৱাত স্বাভাৱিকতেই সকলো আতংকিত হৈ পৰিছে । উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত ৰাজ্যখনত ২৮৩ গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে আৰু মৃত্যু হৈছে চাৰিগৰাকী লোকৰ । ইয়াৰে আক্ৰান্তৰ ১০৮ গৰাকী গুৱাহাটী মহানগৰীৰ । মহানগৰীত দৈনিক আক্ৰান্তৰ সংখ্যা শতকৰ ওপৰত আছে ।

লগতে পঢ়ক :নাট মঞ্চস্থ কৰাক লৈ নিজৰ মাজতে মত-বিৰোধ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজকৰ

ABOUT THE AUTHOR

...view details