গুৱাহাটী, ১৫ মাৰ্চ :উত্তৰ দি তৎ পোৱা নাই শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে । বিষয়টো স্পৰ্শকাতৰ আৰু গুৰুত্বপূৰ্ণ হোৱা বাবে বিভাগীয় মন্ত্রী হিচাপে প্ৰশ্নৰ সন্মুখীন হোৱাটো স্বাভাৱিক (education minister Ranoj Pegu on SEBA issue) । প্ৰশ্নকাকত ফাদিল হোৱা বাবে মেট্ৰিকৰ বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হৈছে যদিও ইতিমধ্যে পৰীক্ষা অনুষ্ঠিত হৈ যোৱা গণিতৰ প্ৰশ্নকাকতো ফাদিল হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে (education minister on HSLC paper leak) ।
যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (reaction on SEBA HSLC paper leak issue) । বিষয়টো সন্দৰ্ভত বুধবাৰে পুনৰ বিধানসভা চৌহদত সাংবাদিকৰ প্ৰশ্নৰ সন্মুখীন হয় শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগু । নিজৰ প্ৰতিক্ৰিয়াত তেওঁ কয় যে আৰক্ষীয়ে এতিয়ালৈকে আমাক একো কথা জনোৱা নাই । আৰক্ষীয়ে কৈছে তেওঁলোকক অলপ সময় লাগিব, তদন্ত চলি আছে । উল্লেখ্য যে মেট্ৰিকৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত অব্যাহত আছে আৰু ইতিমধ্যে ১৪ জনক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে ।
সমগ্ৰ ঘটনা সন্দৰ্ভত শিক্ষা মন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে তদন্তকাৰী বিষয়াই এতিয়াই কোনো কথা সদৰী কৰা নাই । আৰক্ষীয়ে নিজৰ কাম কৰি আছে । য’ত যি শুধৰণি কৰিবলগা আছে, সেইখিনি কৰা হ'ব । সকলো এতিয়াই ক’ব পৰা হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে আৰক্ষীৰ প্ৰতিবেদন নহালৈকে আগতীয়াকৈ কোনো কথা স্পষ্টকৈ ক’ব পৰা নাযায় । আনহাতে, থানাৰ পৰা প্ৰশ্নকাকত কেনেকৈ যাবলৈ পালে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে সেয়া তদন্ত কৰা হ’ব । মন্ত্রীগৰাকীৰ এটাই কথা যে তদন্তৰ পাছতহে সকলো কথা জানিব পৰা যাব । গতিকে আৰক্ষীৰ তদন্তৰ প্ৰতিবেদনলৈ অপেক্ষা কৰক ।