গুৱাহাটী, 27 ছেপ্টেম্বৰ :শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো কেইদিনমান বাকী (Durga Puja 2022) । সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীত দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত উঠিছে ৷ বিগত প্ৰায় দুটা বছৰ ধৰি ক’ভিড সংক্ৰমণৰ বাবে বিভিন্ন বাধ্য-বাধকতাৰ মাজেৰে পূজা উদযাপন কৰা হৈছিল যদিও এইবাৰ মুকলি-মূৰীয়াকৈ লাখ লাখ টকা বাজেটেৰে শাৰদীয় দুৰ্গা পূজা আয়োজন কৰিছে পূজা সমিতিসমূহে ।
দেৱীৰ প্ৰতিমা, মণ্ডপ, আলোক সজ্জাৰে ভক্ত তথা দৰ্শকক আকৰ্ষণ কৰিবলৈ অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে মহানগৰীৰ পূজাৰ আয়োজকসকলে (Durga Puja Preparation in Guwahati) । মহানগৰীৰ জাপৰিগোগ সাৰ্বজনীন পূজা সমিতিয়ে প্ৰায় 25 লাখ টকা বাজেটেৰে পূজাৰ আয়োজন কৰিছে । এইখন পূজাত 12 লাখ টকা ব্যয় কৰি কলকাতাৰ পৰা অনা হ’ব বিশেষ আলোকসজ্জা ।
আনহাতে, শান্তিপুৰ শ্লুইছগেট পূজা সমিতিৰ এইবাৰৰ বাজেট প্ৰায় 21-24 লাখ টকা । প্ৰত্যেক বাৰেই ব্যতিক্ৰমী ধৰণে ভক্তক আকৰ্ষিত কৰি অহা পূজাৰ আয়োজকসকলে এইবাৰ 10 লাখ টকা ব্যয় সাপেক্ষ বিশেষ মণ্ডপ মৰাপাটেৰে সজাৰ ব্যৱস্থা কৰিছে ।
ইপিনে বিষ্ণুপুৰ বিমলা নগৰ পূজা সমিতিয়ে ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কম্বোদিয়াত থকা বিশ্বৰ সৰ্ববৃহৎ বিষ্ণু মন্দিৰৰ আৰ্হিত পূজা মণ্ডপ নিৰ্মাণ কৰিছে (Clay idol of Goddess Durga)। তেওঁলোকৰ এইবাৰৰ পূজাৰ বাজেট প্ৰায় 22 লাখ টকা বুলি জানিব পৰা গৈছে । ৰাইজৰ দৃষ্টি আকৰ্ষণৰ প্ৰতিযোগিতাত পিছ পৰি ৰোৱা নাই বিষ্ণুপুৰ সাৰ্বজনীন দুৰ্গাপূজা কমিটিও । গৌতম বুদ্ধৰ জন্মস্থান নেপালৰ লুম্বিনীৰ (LUMBINI) আৰ্হিত সজোৱা হ’ব পূজা মণ্ডপ । তেওঁলোকৰ এইবাৰৰ পূজাৰ বাজেট প্ৰায় 20 লাখ টকা ।
লগতে পঢ়ক :টিংখাঙত দুৰ্গোৎসৱৰ প্ৰস্তুতি তুংগত
আনহাতে, আঠগাঁও সাৰ্ব্বজনীন দুৰ্গা পূজা সমিতিয়ে প্ৰায় 18-20 লাখ টকা খৰচ কৰি ড্ৰিমলেণ্ডৰ আৰ্হিত সজোৱা পূজা মণ্ডপেৰে ৰাইজৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছে । মালিগাঁও পাণ্ডু ৰেষ্টকেম্পৰ পূজাৰ বাজেট প্ৰায় 20 লাখ টকা । ইপিনে 15 লাখ টকা বাজেটেৰে সাজু হৈছে বেলতলা লক্ষ্মী মন্দিৰ পূজা সমিতি । প্ৰায় 15 লাখ টকাৰ বাজেটেৰে পূজাৰ বাবে সাজু হৈছে ঐতিহাসিক গুৱাহাটী সাৰ্ব্বজনীন দুৰ্গা পূজা সমিতিও ।