গুৱাহাটী, ১১ ছেপ্টেম্বৰ : কাল কৰ’ণাৰ মাজতে সংগপোনে আহিছে শৰত । শাৰদীয় দুৰ্গা পূজাক লৈ বৰ্তমানলৈও ৰাজ্য চৰকাৰে পূজা কমিটিসমূহে কেনেধৰণে শাৰদীয় দূৰ্গা পূজাৰ আয়োজন কৰিব তাৰ নীতি নিৰ্দ্দেশনা জাৰি কৰা নায় । তাকে লৈ পূজা কমিটিসমূহৰ লগতে পূজাসমূহৰ লগত প্ৰত্যক্ষ পৰোক্ষ ভাৱে জড়িত লোকসকলৰ মাজত ব্যাপক চৰ্চা হৈছে ।
কৰণা ত্ৰাসৰ পিছত এইবাৰ শাৰদীয় দুৰ্গা পূজা উলহ-মালহৰে উদযাপন কৰিব বুলি আশা প্ৰকাশ কৰিছে তেওঁলোকে । পূজাক লৈ চৰকাৰে নীতি নিৰ্দেশনা জাৰি নকৰাত পূজা কমিটিয়ে কেনেধৰণে পূজাৰ আয়োজন কৰিব তাক লৈ ও সমস্যাৰ সন্মুখীন হৈছে । এই বিষয়ে লতাশিল দুৰ্গাপূজা সমিতিৰ বিষয়ববীয়াই জনোৱা মতে, কৰণাৰ বাবে এইবাৰ অনাৰম্বৰ ভাৱে পূজাৰ আয়োজন কৰা হৈছে । তিনিফুট উচ্চতাৰ দেৱীৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হব বুলিও জনায় তেওঁলোকে ।
ইপিনে, উদ্ৰতাৰা দেৱালয়ৰ দলৈ পৰমেশ্বৰ শৰ্মাই জনায় যে ক’ভিড নীতি নিয়ম মানি পৰম্পৰা অনুযায়ী দুৰ্গা পূজা কৰা হ’ব। মন্দিৰৰ ফালৰ পৰা ম’হ বলি দিয়া হ’ব। ৰাজহুৱা ভাৱে পঠা, হাহঁ পাৰ বলি দিয়াৰো ব্যৱস্থা কৰা হ’ব । এইবাৰ পূজাত ভোগ খোৱাৰ ব্যৱস্থা নাই বুলিও কয় তেওঁ ।
দূৰ্গা পূজাকলৈ অব্যাহত আছে অনিশ্চয়তা আনহাতে, দুৰ্গাপূজা হলে সকলোৰে ভালে যাব বুলি আশা প্ৰকাশ কৰে একাংশ মৃৎ শিল্পীয়ে । পাণবজাৰ লক্ষী শিল্পালয়ৰ স্বত্বাধীকাৰী জুনু পালে কয় যে, আগন্তুক দুৰ্গা পূজাৰ বাবে বৰ্তমানলৈ প্ৰায় ১৭ টা দূৰ্গাৰ প্ৰতিমাৰ অৰ্ডাৰ আহিছে । পূৰ্বৰ তুলনাত অৰ্ডাৰ কমিছে প্ৰতিমা নিৰ্মাণৰ সামগ্ৰীৰ লগতে কাৰিকৰৰ মজুৰী বৃদ্ধি পাইছে । কৰ’ণাৰ বাবে ব্যৱসায় একেবাৰে কমি গৈছে গতিকে পূজা হলে সকলোৰে ভাল হ’ব বুলি মন্তব্য কৰে তেওঁলোকে । উল্লেখ্য যে মহানগৰীৰ বহু পূজা সমিতিয়ে কেনেধৰণে এইবাৰ দূৰ্গাপূজা উদযাপন কৰিব তাক লৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাই ।
লগতে পঢ়ক :দেওবাৰে অসমলৈ আহিব কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডা