অসম

assam

By

Published : Oct 5, 2019, 7:40 PM IST

ETV Bharat / state

শাৰদীয় দুৰ্গোৎসৱৰ ধামখুমীয়া : ঢাক-ঢোলৰ ধ্বনিত মুখৰিত ৰাজ্যৰ আকাশ-বতাহ

আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ ৷ যথা ৰীতি-নীতি অনুযায়ী বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত দেৱী স্থাপন কৰি ভক্তগণে আৰম্ভ কৰিছে শক্তিৰ অধিষ্ঠাত্ৰী মা-দুৰ্গাৰ আৰাধানা ৷ অসুৰ বিনাশি সমাজৰ পৰা অসূয়া-অপ্ৰীতি দূৰ কৰিবলৈ দেৱী দুৰ্গাৰ শৰণাপন্ন হৈছে ভক্তসকল ৷

ৰাজ্যজুৰি দুৰ্গা পূজাৰ উচাহ

ৰাজ্যজুৰি দুৰ্গা পূজাৰ উচাহ

সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ হ'ল শাৰদীয় দুৰ্গোৎসৱ ৷ যথা ৰীতি-নীতি অনুযায়ী বিল্ববোধনেৰে ষষ্ঠীৰ বেদীত দেৱী স্থাপন কৰি ভক্তগণে আৰম্ভ কৰিছে শক্তিৰ অধিষ্ঠাত্ৰী মা-দুৰ্গাৰ আৰাধানা ৷ অসুৰ বিনাশি সমাজৰ পৰা অসূয়া-অপ্ৰীতি দূৰ কৰিবলৈ দেৱী দুৰ্গাৰ শৰণাপন্ন হৈছে ভক্তসকল ৷ শেৱালী সুবাস সনা শৰতৰ এই বতৰত ৰাজ্য জুৰি পৰিলক্ষিত হৈছে দুৰ্গা পূজাৰ পাৰ ভঙা উচাহ ৷ আকাশে-বতাহে গুঞ্জৰিত হৈছে ঢাক-ঢোল, দবা-শংখ আৰু উৰুলিৰ মংগল ধ্বনি ৷ ভক্ত তথা দৰ্শকক আকৰ্ষণ কৰিবলৈ সুন্দৰ ভাৱে বিভিন্ন কলা-কৌশল প্ৰয়োগ কৰি সজায় পৰাই তোলা হৈছে ৰাজ্যৰ পূজা মণ্ডপ সমূহ ৷

ABOUT THE AUTHOR

...view details