গুৱাহাটী,7আগষ্টঃ শুকুৰবাৰে মহানগৰীৰ ফটাশিল আমবাৰীত আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে চলাই এক ড্ৰাগছ বিৰোধী অভিযান। অভিযানকালত মীনা কুমাৰী নামৰ এগৰাকী মহিলা গ্ৰেপ্তাৰ হয়। মহিলা গৰাকীৰ পৰা আৰক্ষীয়ে ১১ পেকেট ড্ৰাগছসহ নগদ ৫০হাজাৰ টকা, এটা মোবাইল ফোন আৰু কিছু আপত্তিজনক সামগ্ৰী জব্দ কৰে।
মহানগৰীত পেকেটে পেকেটে উদ্ধাৰ ড্ৰাগছ - ক্ৰাইম ব্ৰাঞ্চে
দীৰ্ঘদিন ধৰি মহানগৰীৰ লালগণেশ, ফটাশিল আদি অঞ্চলত মাৰাত্মক ড্ৰাগছ যোগান ধৰি আহিছিল মীনা কুমাৰীয়ে। ইফালে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ক্ৰাইম ব্ৰাঞ্চে।
![মহানগৰীত পেকেটে পেকেটে উদ্ধাৰ ড্ৰাগছ drugs peddler arrested at guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8334031-565-8334031-1596812025114.jpg)
বিগত কিছুদিনৰ পূৰ্বে মহানগৰীত গ্ৰেপ্তাৰ হোৱা মণিপুৰৰ ড্ৰাগছ মাফিয়া সংগীতা ৰাণী লাইচাংবামই স্বীকাৰোক্তিৰ ভিত্তিতেই ফটাশিল আমবাৰী আৰক্ষীৰ সহযোগত ক্ৰাইম ব্ৰাঞ্চে চলাইছিল এই অভিযান। অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি মহানগৰীৰ লালগণেশ, ফটাশিল আদি অঞ্চলত মাৰাত্মক ড্ৰাগছ যোগান ধৰি আহিছিল মীনা কুমাৰীয়ে। ইফালে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ক্ৰাইম ব্ৰাঞ্চে। উল্লেখযোগ্য যে মহানগৰীত এতিয়া অলিয়ে গলিয়ে উপলব্ধ যুৱ প্ৰজন্মক কোঙা কৰা এই নিষিদ্ধ ড্ৰাগছ। আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে লোৱা এনে কঠোৰ পদক্ষেপক শলাগ লৈছে সচেতন ৰাইজে।