গুৱাহাটী, ১৩ আগষ্ট: চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত শনিবাৰে চন্দ্ৰপুৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিশেষ অভিনন্দন অনুষ্ঠান ৷ ২০২২ বর্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত চন্দ্ৰপুৰ অঞ্চললৈ ষ্টাৰ আৰু ডিষ্টিংছন নম্বৰসহ সুনাম কঢ়িয়াই অনা কৃতি ছাত্ৰ-ছাত্ৰীসকলক চন্দ্ৰপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় (Felicitation by AASU in Guwahati)৷
এই সভাত আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল ভট্টাচাৰ্যই (Dr Samujjal Kumar Bhattacharya) শেহতীয়াকৈ ৰাজ্য চৰকাৰে কেবিনেটত শিক্ষা সম্পৰ্কে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰোধিতা কৰি অসমৰ শিক্ষা ব্যৱস্থা হাইব্ৰীড নহয়, অৰ্গেনিক ব্যৱস্থাৰে প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ৷ তেওঁ লগতে কয় যে চৰকাৰে চৰকাৰী মাধ্যমৰ বিদ্যালয় তথা মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহত সৰুৰে পৰাই ভালদৰে অসমীয়াৰ লগতে ইংৰাজী শিকাব লাগিব যাতে ছাত্ৰ-ছাত্ৰীসকলে সল-সলীয়াকৈ অসমীয়াৰ লগতে ইংৰাজীও ক’ব অথবা লিখিব পাৰে ৷ তেতিয়া চৰকাৰে উল্লেখ কৰা হাইব্ৰীড পদ্ধতিৰে শিক্ষা প্ৰদান নকৰি অৰ্গেনিক অৰ্থাৎ এই পদ্ধতিৰে শিক্ষা প্ৰদান কৰিলে ছাত্ৰ -ছাত্ৰীসকল উপকৃত হ’ব ।
আছুৰ উপদেষ্টাগৰাকীয়ে লগতে ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহতো ইংৰাজী শিক্ষাৰ লগতে অসমীয়া তথা মাতৃভাষাত যাতে সলসলীয়াকৈ ক’ব অথবা লিখিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷ গণিত আৰু বিজ্ঞান বিষয়ৰ শিক্ষা ইংৰাজী মাধ্যমত প্ৰদান কৰিব বিচাৰটো কেতিয়াও বিজ্ঞানসন্মত নহয় বুলিও ব্যক্ত কৰে ড৹ ভট্টাচাৰ্যই ৷
ইফালে ৰাজ্যৰ শিক্ষা বিভাগে এক জাননীযোগে চৰকাৰী বিদ্যালয়সমূহে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ পৰা বিদ্যালয়সমূহত প্ৰয়োজন হোৱা ডেক্স বেঞ্চ, ফেন আদিৰ সহায় লোৱা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷