অসম

assam

ETV Bharat / state

নিৰ্বাচন সন্দৰ্ভত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সংবাদমেল - সংবাদমেল

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সংবাদমেল ৷ প্ৰাৰ্থী সকলৰ মনোনয়ন দাখিলৰ অন্তিম দিন অহা ২৫ নৱেম্বৰ আৰু দিনৰ ১১ বজাৰ পৰা ৩ বজালৈ মনোনয়ন পত্ৰ গ্ৰহণ কৰা হ'ব বুলি উপায়ুক্ত গৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে ৷

District Correspondent Biswajit Pegur's press release regarding the election
নিৰ্বাচন সন্দৰ্ভত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সংবাদমেল

By

Published : Nov 19, 2020, 8:48 PM IST

কামৰূপ মেট্ট,19নৱেম্বৰ: বৃহস্পতিবাৰে তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে এখন সংবাদমেল সম্বোধন কৰে । নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ লগে-লগে পৰিষদীয় এলেকাত নিৰ্বাচন আচৰণ বিধি প্ৰযোজ্য হৈছে । জিলা উপায়ুক্ত গৰাকীয়ে সংবাদমেলত জনোৱা অনুসৰি, প্ৰাৰ্থী সকলৰ মনোনয়ন দাখিলৰ অন্তিম দিন অহা ২৫ নৱেম্বৰ আৰু দিনৰ ১১ বজাৰ পৰা ৩ বজালৈ মনোনয়ন পত্ৰ গ্ৰহণ কৰা হ'ব । যদি কোনো প্ৰাৰ্থীয়ে নিজৰ মনোনয়ন উঠাই ল'ব বিচাৰে,তেন্তে ২৮ নৱেম্বৰৰ পূৰ্বে উঠাব পাৰিব । অহা ২৮ নৱেম্বৰত নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব নিৰ্বাচন আয়োগে । অহা ১৭ ডিচেম্বৰত পুৱা ৭.৩০ বজাৰ পৰা ৪.৩০বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব,প্ৰয়োজন সাপেক্ষে ৰি-প'ল ১৮ ডিচেম্বৰত অনুষ্ঠিত হ'ব আৰু ১৯ ডিচেম্বৰত ৮বজাৰ পৰা ভোটগণনা আৰম্ভ হ'ব ।

নিৰ্বাচন সন্দৰ্ভত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সংবাদমেল

তিৱা স্বায়ত্ত শাসিত পৰিষদৰ ৩৬ সমষ্টিৰ ভিতৰত ৬টা সমষ্টি আছে কামৰূপ মহানগৰত । এই সমষ্টি কেইটা হৈছে ২৬নং ডিমৰীয়া সমষ্টি, ৩২নং ডিঘাৰু সমষ্টি, ৩৩নং ক্ষেত্ৰী সমষ্টি, ৩৪ সোণাপুৰ সমষ্টি, ৩৫নং আমপ্ৰি সমষ্টি আৰু ৩৬নং ফং আৰি সমষ্টি । এই সমষ্টিৰ অৰ্ন্তগত মূল ভোটাৰৰ সংখ্যা হৈছে ৭৮১৮০ গৰাকী । ইয়াৰে ৩৮৩৬০গৰাকী পুৰুষ আৰু ৩৯৮২০গৰাকী মহিলা ভোটাৰ । যাৰ বাবে মুঠ ভোট কেন্দ্ৰ থাকিব ১০০টা । সমষ্টি অনুসৰি ST সংৰক্ষিত ২৬নং ডিমৰীয়া সমষ্টিত ১৩টা ভোট কেন্দ্ৰ থকাৰ বিপৰীতে মুঠ ১১৬৯০গৰাকী ভোটাৰ আছে (৫৭১০ পুৰুষ আৰু ৫৯৮০ মহিলা) ৷ মহিলাৰ সংৰক্ষিত ৩২নং দিঘাৰু সমষ্টিত ২০টা ভোট কেন্দ্ৰ থকাৰ বিপৰীতে ১৭১২৭গৰাকী ভোটাৰ (৮৫১১ পুৰুষ,৮৬১৬ মহিলা), ৩৩নং ক্ষেত্ৰী সমষ্টিত ২১ ভোট কেন্দ্ৰ থকাৰ বিপৰীতে ১৫৮২৩গৰাকী মুঠ ভোটাৰ (পুৰুষ ৭৭০১,মহিলা ৮১২২) আছে ৷

নিৰ্বাচন সন্দৰ্ভত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ সংবাদমেল

অন্য এক খবৰৰ বাবে: কামাখ্যা মন্দিৰৰ সোণৰ চূড়া দৰ্শনাৰ্থীৰ বাবে মুকলি

৩৪নং সোণাপুৰ সমষ্টিত ২১ ভোট কেন্দ্ৰ থকাৰ বিপৰীতে ১৭৩০৪গৰাকী মুঠ ভোটাৰ(৮৫২২ পুৰুষ,৮৭৮২ মহিলা), ST সংৰক্ষিত ৩৫নং আমপ্ৰি সমষ্টিত ১৪টা ভোট কেন্দ্ৰ থকাৰ বিপৰীতে ৭৮২৯গৰাকী মুঠ ভোটাৰ(৩৮০১ পুৰুষ, ৪০২৮ মহিলা), ST সংৰক্ষিত ৩৬নং ফং আৰি সমষ্টিত ১১টা ভোট কেন্দ্ৰ থকাৰ বিপৰীতে ৮৪০৭গৰাকী মুঠ ভোটাৰ (৪১১৫ পুৰুষ, ৪২৯২ মহিলা) আছে ।

ইপিনে, এই নিৰ্বাচন প্ৰক্ৰিয়াত প্ৰায় ৯০০গৰাকী বিষয়া-কৰ্মচাৰী থাকিব । সকলো প্ৰাৰ্থী আৰু ৰাজনৈতিক দলে নিৰ্বাচন আচৰণ বিধি মানিহে প্ৰচাৰ কৰিব লাগিব বুলি জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে উল্লেখ কৰে ।

অন্য এক খবৰৰ বাবে: কৰ’ণাৰ বাবে ধন আগবঢ়োৱা দেশৰ প্ৰথম সাংসদ প্ৰদ্যুত বৰদলৈ !

ABOUT THE AUTHOR

...view details