গুৱাহাটী,10 জুনঃ আজি ৰাজ্যৰ প্ৰতিখন পৌৰসভালৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বিতৰণ কৰা হয় স্কিড ষ্টিয়াৰ লডাৰ আৰু টিপাৰ ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানত স্কিড ষ্টিয়াৰ লডাৰ আৰু টিপাৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে ৰাজ্যৰ স্বাস্থ্য,বিত্ত আৰু শিক্ষামন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা,মন্ত্ৰী পীযুষ হাজৰিকাকে আদি কৰি কেইবাগৰাকীও বিষয়া-আমোলা ৷
প্ৰতিখন পৌৰসভালৈ স্কিড ষ্টিয়াৰ লডাৰ আৰু টিপাৰ বিতৰণ মুখ্যমন্ত্ৰীৰ - মন্ত্ৰী পীযুষ হাজৰিকা
সৰ্বমুঠ ২৩০ খন স্কিড ষ্টিয়াৰ লডাৰ আৰু টিপাৰ বিতৰণ কৰা হয় ৷ ইয়াৰে স্কিড ষ্টিয়াৰ লডাৰ ১১৪ খন আৰু টিপাৰ ১১৬ খন ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত এক অনুষ্ঠানৰ জৰিয়তে স্কিড ষ্টিয়াৰ লডাৰ আৰু টিপাৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
প্ৰতিখন পৌৰসভালৈ স্কিড ষ্টিয়াৰ লডাৰ আৰু টিপাৰ বিতৰণ মুখ্যমন্ত্ৰীৰ
এই অনুষ্ঠানত সৰ্বমুঠ ২৩০ খন স্কিড ষ্টিয়াৰ লডাৰ আৰু টিপাৰ বিতৰণ কৰা হয় ৷ ইয়াৰে স্কিড ষ্টিয়াৰ লডাৰ ১১৪ খন আৰু টিপাৰ ১১৬ খন ৷ সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পৌৰ সভাৰ এলেকাসমূহৰ চাফ-চিকুণৰ ক্ষেত্ৰত এই নতুন বাহনে বিশেষ মাত্ৰা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰাৰ লগতে বিতৰণ কৰা এই সামগ্ৰী সমূহৰ যাতে সদব্যৱহাৰ হয় তাৰ বাবেও প্ৰতিখন পৌৰসভাক আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়কঃ মানৱতা গুণেৰে সমৃদ্ধ মৰিয়নীৰ কেইটিমান কণমানি