অসম

assam

ETV Bharat / state

পৰীক্ষা নিদিয়াকৈ APS ACS হ’লে সেই বিষয়া ভাল কেনেকৈ হ’ব ? অতুল বৰাৰ প্ৰশ্ন - অতুল বৰা বন ধ্বংস

MLA Atul Bora: বন ধ্বংসৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে বিধায়ক অতুল বৰা ৷ বন ধ্বংসকাৰীক ফাঁচী দিব লাগে বুলি কৈ তেওঁ কয়, ফাঁচী কাঠত ৰছী টানিবলৈ মানুহ নাপালে তেৱেঁই টানিব ৷ ইফালে বন ধ্বংসৰ বিৰুদ্ধে তেওঁ মাত মাতি আহিছে যদিও কাংত অহা নাই বুলি স্বীকাৰ কৰে দিছপুৰৰ বিধায়কগৰাকীয়ে ৷

Dispur MLA Atul Bora
জল্লাদ হৈ ফাঁচী কাঠৰ ৰছী টানিবলৈ সাজু অতুল বৰা

By ETV Bharat Assamese Team

Published : Dec 23, 2023, 6:54 PM IST

জল্লাদ হৈ ফাঁচী কাঠৰ ৰছী টানিবলৈ সাজু অতুল বৰা

গুৱাহাটী, ২৩ ডিচেম্বৰ: বন ধ্বংসৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা । বনধ্বংসকাৰীক ফাঁচী দিব লাগে বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে ফাঁচী কাঠৰ ৰছী টনা মানুহ নাপালে বিধায়কজনেই সেই ৰছী টানিবলৈ সাজু হৈ আছে ৷

বন ধ্বংসকাৰীৰ বিৰুদ্ধে বন বিভাগে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ বাবেও ক্ষুব্ধ হৈছে বিধায়ক বৰা ৷ বিধায়কগৰাকীয়ে কয় যে গছ কটাৰ বিৰুদ্ধে তেওঁ বিভিন্ন সময়ত মাত মাতি আহিছে যদিও কামত অহা নাই ৷ বনধ্বংসৰ বিৰুদ্ধে তেওঁ অকলেই মাত মাতি অহা বুলি মন্তব্য কৰি কয় যে এই ক্ষেত্ৰত সাংবাদিকসকলে বাতৰি পৰিৱেশন কৰি আহিছে ৷ চৰকাৰে বিষয়টোত গুৰুত্ব দিব লাগে বুলি বিধায়ক অতুল বৰাই চৰকাৰৰ প্ৰতি আহ্বান জনায় ৷

বিধায়ক বৰাই ইয়াৰোপৰি কয় যে নতুন বছৰত বন ধ্বংসকাৰী সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰীক দিব চাৰিটা চৰ্ত ৷ সেই চাৰিটা চৰ্ত চিঠিৰে আৰু সাংবাদমেল পাতি ৰাজহুৱা কৰিব বিধায়কগৰাকীয়ে ৷ উল্লেখ্য যে, মহানগৰীৰ চূণচালিত বন বিভাগৰ চত্ৰছাঁয়াত ব্ৰহ্মপুত্ৰৰ বুকুত বালিৰ অবাধ খনন চলাৰ অভিযোগ উঠিছে । কেবাখনো বলেৰ’ পিকআপ ভানৰ জৰিয়তে মহানগৰীৰ ভিন্ন প্ৰান্তলৈ দিনৰ ভাগতেই আৰক্ষীৰ চকুৰ সন্মুখেদিয়েই চলি আছে বালিৰ সৰবৰাহ । চূণচালিৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি দৃশ্যসমূহ প্ৰত্যক্ষ কৰাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দিছপুৰ সমষ্টিৰ বিধায়কগৰাকীয়ে ৷

এনে বনধ্বংসৰ বিৰুদ্ধে বিধায়ক বৰাই কয়, ‘‘মই অকলে বন বিভাগক সমালোচনা কৰি আছোঁ ৷ বেলেগ কোনো নাহে । পাহাৰ-পৰ্বত ধ্বংস, ষ্টাৰ চিমেণ্ট, সৃষ্টি নগৰ আদিৰ বিৰুদ্ধে মই অকলেই যুঁজি আছোঁ । যদি মোৰ থানাৰ অ’ চিৰ সমান ক্ষমতা থাকিলেহেঁতেন তেতিয়া এই বালি মাফিয়াবোৰক লাঠিৰে কোবাই ভৰি ভাঙি দিলোহেঁতেন হয় ।’’ বিধায়কগৰাকীয়ে লগতে কয়, ‘‘পৰীক্ষাৰ বহীত নিলিখাকৈ যদি APS, ACS হ’ব পাৰে, সেইজন আৰক্ষী বিষয়া কেনেকৈ ভাল হ’ব পাৰে !’’

লগতে পঢ়ক:পিকনিকস্থলীত মদ খোৱাত বাধা দিয়াটো ঠিক কথা নহয়: অতুল বৰা

ABOUT THE AUTHOR

...view details