অসম

assam

ETV Bharat / state

EIA 2020ৰ বিৰুদ্ধে 'মেইল ষ্ট্ৰোম' কাৰ্যসূচী

EIA 2020 বিৰুদ্ধে সৰৱ গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ লগতে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ সদস্য সকল ৷ আছু গোটৰ সদস্য সকলে বৃহস্পতিবাৰে এই খচৰাৰ বিৰুদ্ধে এক ডিজিটেল আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিব বুলি জানিবলৈ দিয়ে সংবাদ সাধ্যমযোগে ৷

By

Published : Aug 5, 2020, 9:14 PM IST

মেইল ষ্ট্ৰোম কাৰ্যসূচী
মেইল ষ্ট্ৰোম কাৰ্যসূচী

গুৱাহাটী, 5 আগষ্ট: চৰকাৰে EIA 2020 ৰ খচৰা প্ৰস্তুতৰ পাচতেই অসমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ EIA 2020ৰ দ্বাৰা চৰকাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক সম্পদ লুণ্ঠনৰ ষড়যন্ত্ৰ কৰিছে বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰিছে ভিন্নজনে ৷ EIA 2020ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ লগতে বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটৰ সদস্য সকল ৷ যাৰ বাবে বৃহস্পতিবাৰে তেওঁলোকে এই খচৰাৰ বিৰুদ্ধে এক ডিজিটেল আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিব বুলি জানিবলৈ দিছে সংবাদ সাধ্যমযোগে ৷

EIA 2020ৰ বিৰুদ্ধে 'মেইল ষ্ট্ৰোম' কাৰ্যসূচী

সকলো ৰাইজকে এই EIA 2020 ৰ ভয়াৱহতা উপলব্ধি কৰি ইয়াৰ বিৰোধিতা কৰাৰ লগতে, গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটে হাতত লোৱা 'মেইল ষ্ট্ৰোম' কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় সদস্য সকলে ৷ EIA 2020 ৰ আপত্তি সম্পৰ্কে eia2020-moefcc@gov.in,prakash.j@sansad.nic.in,pccf.assam@gmail.com, sudheer.ch@gov.in,president@iucn.org,ananda.dias@unep.org আদিত মেইল কৰিবলৈ আহ্বান জনাইছে গুৱাহাটী বিশ্ববিদ্যালয় আছু গোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছু গোটে ৷

উল্লেখ্য যে, এই খচৰাৰ বিৰুদ্ধে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে সামাজিক মাধ্যমযোগে ভিন্ন সময়ত প্ৰতিবাদ চলাই অহা পৰিলক্ষিত হৈছে ৷ উক্ত মেইল সমূহত মেইল প্ৰদানেৰে এই খচৰাখন আইন ৰূপে লোৱাত বাধা আৰোপ কৰিবলৈ আহ্বান জনাইছে আছু গোটৰ সদস্য সকলে ৷

লগতে পঢ়ক:লুন্ঠনৰ বাবে আহি আছে EIA-2020: লুৰিণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details