অসম

assam

ETV Bharat / state

মহানগৰীত কৰ'ণাত আক্ৰান্ত হৈ এগৰাকী শিক্ষয়িত্ৰীৰ মৃত্যু - বিদ্যালয়খনত পাঠদান

দেশৰ ভিন্ন ৰাজ্যৰ লগতে অসমতো ক্ৰমান্বয়ে COVID-১৯ৰ সংক্ৰমণ বৃদ্ধি পাইছে । মহামাৰীত আক্ৰান্ত হৈ শনিবাৰে পুৱা গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত মৃত্যু হ'ল এগৰাকী শিক্ষয়িত্ৰীৰ । মৃত শিক্ষয়িত্ৰীগৰাকীৰ নাম সীমা হাজাৰি । মহানগৰীৰ গোপাল বড়ো উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত আছিল শিক্ষয়িত্ৰীগৰাকী ।

মহানগৰীত কৰ'ণাত আক্ৰান্ত হৈ এগৰাকী শিক্ষয়িত্ৰীৰ মৃত্যু
মহানগৰীত কৰ'ণাত আক্ৰান্ত হৈ এগৰাকী শিক্ষয়িত্ৰীৰ মৃত্যু

By

Published : Apr 10, 2021, 6:30 PM IST

গুৱাহাটী, ১০ এপ্ৰিল: ৰাজ্যত কৰ'ণাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে মৃত্যুৰ সংখ্যাও বৃদ্ধি পাব ধৰিছে । শনিবাৰে পুৱা কৰ'ণাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে এগৰাকী শিক্ষয়ত্রীয়ে । গুৱাহাটীৰ হেল্থ চিটি হাস্পতালত মৃত্যু হোৱা শিক্ষয়িত্ৰীগৰাকীৰ নাম সীমা হাজাৰি । মহানগৰীৰ গোপাল বড়ো উচ্চ মাধ্যমিক বিদ্যালয়ত কৰ্মৰত আছিল শিক্ষয়িত্ৰীগৰাকী ।

শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যুত বিদ্যালয়খনত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হোৱাৰ লগতে ক'ভিডৰ সংক্ৰমণক লৈ আতংকময় পৰিৱেশে বিৰাজ কৰিছে । যোৱা ৫ এপ্ৰিললৈ শিক্ষয়ত্রীগৰাকীয়ে বিদ্যালয়খনত পাঠদান আগবঢ়াইছিল, যাক লৈ এতিয়া বিদ্যালয়খনত আতংকৰ সৃষ্টি হৈছে ।

জানিব পৰা মতে, কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা শিক্ষয়িত্ৰীগৰাকীৰ স্বামী আৰু সন্তানো কৰ'ণাত আক্ৰান্ত হৈছে । উল্লেখ্য যে, বিগত ২৪ ঘণ্টাত ৰাজ্যখনত নতুনকৈ ২৮১ গৰাকী লোক মহামাৰীৰ কবলত পৰিছে । ইয়াৰে ১৫৩ গৰাকী লোক কামৰূপ মহানগৰ জিলাৰ । শুক্ৰবাৰে ৰাজ্যখনত কৰ'ণাত আক্ৰান্ত হৈ তিনিগৰাকী লোকৰ মৃত্যু হৈছিল ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনী-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ

ABOUT THE AUTHOR

...view details