পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ - আদালতত হাজিৰ দিবন ডেকা
15:38 October 01
আজি ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় অসম আৰক্ষীৰ এছ আই পৰীক্ষা কেলেংকাৰীৰ অন্যতম নায়ক দিবন ডেকাক ৷ যোৱা নিশা আত্মসমৰ্পণ কৰিবলৈ আহি পাটাছাৰকুছিত গ্ৰেপ্তাৰ হৈছিল দিবন ডেকা ৷
গুৱাহাটী,1 অক্টোবৰ :বৃহস্পতিবাৰেকামৰূপ জিলা ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে বিজেপি নেতা দিবন ডেকাক ৷ আৰক্ষীয়ে সাত দিনৰ জিম্মাত বিচাৰিছিল বিজেপি নেতাগৰাকীক ৷ কিন্তু আদালতে এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি পৰৱৰ্তী পাঁচদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ডেকাক ৷ ইফালে ডেকা সম্প্ৰতি গেষ্ট্ৰিক আলচাৰত ভুগি থকাৰ কথা ব্যক্ত কৰে চৰকাৰী পক্ষৰ অধিবক্তা অনিল দাসে ৷ উল্লেখ্য যে, বুধবাৰে পাটাছাৰকুছিৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল বিজেপি নেতাগৰাকীক ৷ তদুপৰি অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাত সংঘটিত কেলেংকাৰীত জড়িত আছিল বিতৰ্কিত বিজেপি নেতা দিবন ডেকা ৷
লগতে চাওকঃদ্বিতীয়টো গোচৰত জামিন লাভ অখিল গগৈৰ
TAGGED:
আদালতত হাজিৰ দিবন ডেকা