অসম

assam

ETV Bharat / state

সৰুসজাইৰ কোৱাৰেন্টাইন কেন্দ্ৰত মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান - আৰক্ষী

সৰুসজাইত উপস্থিত হয় মুখ্য সচিব সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত৷ কোৱাৰেন্টাইন চেন্টাৰটোৰ লোকসকলৰ লগত মত বিনিময় কৰে মুখ্য সচিব সঞ্জয় কৃষ্ণই । মহানগৰীত এতিয়াৰে পৰা আৰক্ষীয়ে সাধাৰণ পোছাক পিন্ধি কেমেৰা লৈ ঘূৰিব। সাৱধান সকলো ৰাইজ ৷

ETV BHARAT
সাৱধান! আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

By

Published : May 18, 2020, 6:16 PM IST

গুৱাহাটী, 18 মেঃ সোমবাৰে মহানগৰীৰ সৰুসজাইত উপস্থিত হয় মুখ্য সচিব সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত । সৰুসজাইৰ কোৱাৰেইন্টাইন চেন্টাৰ পৰিদৰ্শন কৰাৰ উদ্দেশ্যে উপস্থিত হয় দুয়োজন ৷

সাৱধান! আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত

গুৱাহাটীৰ সৰুসজাইত উপস্থিত হয় মুখ্য সচিব সঞ্জয় কৃষ্ণ আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ৷ কোৱাৰেন্টাইন চেন্টাৰটোৰ থকা লোক সকলৰ লগত মত বিনিময় কৰে মুখ্য সচিব সঞ্জয় কৃষ্ণই । তাৰোপৰি, সাংবাদিকৰ আগত চতুৰ্থ পৰ্যায়ৰ লক ডাউন সন্দৰ্ভত মন্তব্য আগবঢ়াই মুখ্য সচিবগৰাকীয়ে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি দিয়া হৈছে কিছু কিছু ক্ষেত্ৰত শিথিলতা । ইফালে বহিঃৰাজ্যত আৱদ্ধ লোকসকলক পৰ্যায়ক্ৰমে ঘূৰাই অনাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিয়ে মুখ্য সচিব সঞ্জয় কৃষ্ণই । তদুপৰি আইন শৃংখলাৰ ক্ষেত্ৰত অসম চৰকাৰে লৈছে কেতবোৰ বিশেষ ব্যৱস্থা। মহানগৰীত এতিয়াৰে পৰা আৰক্ষীয়ে সাধাৰণ পোছাক পিন্ধি কেমেৰা লৈ ঘূৰিব। যাতে কোনো লোকে লক ডাউনৰ নীতি-নিয়ম ভংগ কৰিব নোৱাৰে ৷ তাৰোপৰি সামাজিক দূৰত্ব বজাই নৰখা ব্যৱসায়ী প্ৰতিষ্ঠানসমুহো নজৰত ৰাখিব এইসকল আৰক্ষীয়ে। আইন ভংগ কৰিলেই অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব। নিয়ম নমনা ব্যৱসায়ীক নাকি লগাবলৈ এনে সিন্ধান্ত লোৱাৰ কথা জনাই আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ।

লগতে পঢ়ক- লক ডাউন উলংঘা লখিমপুৰত

ABOUT THE AUTHOR

...view details