গুৱাহাটী, ২৩ অক্টোবৰ:শনিবাৰেCJM আদালতত হাজিৰ কৰা হয় বৰাগাঁও হত্যাকাণ্ডৰ মূল অভিযুক্ত দেৱযানী দাসক । ইয়াৰ পাচতে দেৱযানী দাসক তিনি দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে ৷ আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, দেৱযানী দাস আৰু অন্টিমা গুপ্তাৰ মাজত কিবা কথাকলৈ কাজিয়াৰ সূত্ৰপাত হৈ মাৰপিট হয় ।
দেৱযানী দাসে লোৰৰ এডাল লাঠিৰে অন্তিমা গুপ্তাক মূৰত প্ৰহাৰ কৰাত গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত হয় ৷ পৰৱৰ্তী সময়ত মৃত্যুক আঁকোৱালী লয় অন্তিমা গুপ্তাই ৷ অন্তিমা গুপ্তাৰ মৃতদেহটো পলিথিনেৰে মেৰিয়াই বান্ধি ৰান্ধনি ঘৰত এদিনতকৈও অধিক সময় লুকুৱাই ৰাখিছিল দেৱযানী দাসে ৷