অসম

assam

ETV Bharat / state

Assam Assembly Autumn Session: ৰাজ্যত দৈনিক ৩ হত্যাকাণ্ড আৰু ২ ধৰ্ষণৰ ঘটনা‌ সংঘটিত হয় - ৰাষ্ট্ৰীয় বজৰং দল

অসম বিধানসভাত উন্মোচিত হ'ল অসমৰ আইন শৃংখলা অৱনমিতৰ চিত্ৰ ৷ ৰাজ্যত প্ৰতিমাহত ৮০ টাকৈ হত্যাকাণ্ডৰ ঘটনা আৰু ৭৯ টাকৈ ধৰ্ষণৰ ঘটনা‌ সংঘটিত হয় । ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা ৩০ আগষ্ট ২০২৩ লৈকে অসমত ৪২ টা ডকাইতি আৰু ৪১৩ টা লুটপাটৰ ঘটনা সংঘটিত হৈছে । ইয়াৰ উপৰি ১০ বছৰত অসমত ৩৪ টা দলবদ্ধ আক্রমণ আৰু হত্যাৰ ঘটনা সংঘটিত হৈছে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত দিয়া তথ্যই উদঙাইছে ৰাজ্যৰ আইন-শৃংখলাৰ প্ৰকৃত স্বৰূপ ৷

Assam Assembly Autumn Session
বিধানসভাত উন্মোচিত হ'ল অসমৰ আইন শৃংখলা অৱনমিতৰ চিত্ৰ

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 8:44 PM IST

গুৱাহাটী, ১১ ছেপ্টেম্বৰ:মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনত অসমত আইন শৃংখলা পৰিস্থিতি দ্ৰুতগতিত অৱনমিত হৈছে সেয়া সোমবাৰে বিধানসভাৰ‌ মজিয়াত উন্মোচিত হয় । এআই ইউ ডি এফৰ বিধায়ক আমিনুল‌ ইছলামে (জ্যেষ্ঠ) অসম বিধানসভাত আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত সোধা এক তৰাচিহ্নিত প্ৰশ্নৰ উত্তৰত এই কথা উন্মোচিত‌ হয় ।

গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত দিয়া তথ্যত অসমৰ আইন-শৃংখলাৰ অৱনমিত হোৱা চিত্ৰখন প্ৰতিফলিত হৈ পৰে । তথ্য মতে ৰাজ্যত দৈনিক প্ৰায় তিনিটাকৈ হত্যাকাণ্ডৰ ঘটনা‌ সংঘটিত হয় । প্ৰতিমাহত ৮০ টাকৈ হত্যাকাণ্ডৰ ঘটনা‌ সংঘটিত হয় । ঠিক সেইদৰে তথ্য মতে ৰাজ্যত দৈনিক দুটাকৈ ধৰ্ষণৰ ঘটনা‌ সংঘটিত হয় । প্ৰতিমাহত ৭৯ টাকৈ ধৰ্ষণৰ ঘটনা‌ সংঘটিত হয় ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত দাখিল‌ কৰা তথ্য অনুসৰি ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা ৩০ আগষ্ট ২০২৩ লৈকে অসমত সৰ্বমুঠ ৬৪৩ টা হত্যাকাণ্ড সংঘটিত হৈছে । আকৌ ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা ৩০ আগষ্ট ২০২৩ লৈকে অসমত ৬৩৯ টা ধর্ষণৰ‌ ঘটনা‌ সংঘটিত হৈছে ।‌ ইপিনে ২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা ৩০ আগষ্ট ২০২৩ লৈকে অসমত ডকাইতি ৪২ টা আৰু লুটপাট ৪১৩ টা ঘটনা সংঘটিত হৈছে ।

উল্লেখ্য যে, বিধানসভাত এআইইউডিএফৰ বিধায়ক আমিনুল‌ ইছলামে (জ্যেষ্ঠ) যোৱা ১০ বছৰত অসমত কিমান দলবদ্ধ আক্রমণ আৰু হত্যাৰ ঘটনা সংঘটিত হৈছে সেই সন্দৰ্ভত প্ৰশ্ন সোধে । এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে সদনত দাখিল কৰা তথ্যমতে যোৱা ১০ বছৰত (০১-০১-২০১৩ ৰ পৰা ৩১-০৭-২০২৩ লৈ) অসমত ৩৪ টা দলবদ্ধ আক্রমণ আৰু হত্যাৰ ঘটনা সংঘটিত হৈছে ।

ইপিনে বিধানসভাত এআইইউডিএফৰ বিধায়ক আমিনুল‌ ইছলামে (জ্যেষ্ঠ) যোৱা ৫ বছৰত অসমৰ কোনো স্থানত উগ্ৰপন্থী সংগঠনৰ দ্বাৰা অবৈধভাৱে অস্ত্ৰ প্ৰশিক্ষণৰ শিবিৰ অনুষ্ঠিত হৈছে নেকি সেই সন্দৰ্ভত প্ৰশ্ন কৰে । এই প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে সদনত দাখিল কৰা তথ্যমতে যোৱা ৫ বছৰত অসমৰ কোনো স্থানত উগ্ৰপন্থী সংগঠনৰ দ্বাৰা অবৈধভাৱে অস্ত্ৰ প্ৰশিক্ষণৰ শিবিৰ অনুষ্ঠিত হোৱাৰ তথ্য নাই ৷ অৱশ্যে যোৱা ২৭-০৭-২০২৩ ৰ পৰা ৩০-০৭-২০২৩ লৈকে মঙলদৈৰ মহৰ্ষি বিদ্যা মন্দিৰ প্ৰাংগনত চৰকাৰী অনুমতি অবিহনে ৰাষ্ট্ৰীয় বজৰং দলে আয়োজন কৰা প্ৰশিক্ষণ শিবিৰৰ ঘটনা সন্দৰ্ভত Mangaldoi PS Case No. 357/2023 U/S 153A/34 IPC পঞ্জীকৃত হয় আৰু বৰ্তমান তদন্ত চলি আছে ।

লগতে পঢ়ক:Autumn session 2023: বিভিন্ন শান্তি চুক্তি দ্ৰুতগতিত ৰূপায়ণ হোৱাৰ কথা বিধানসভাত উল্লেখ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details