অসম

assam

ETV Bharat / state

EWS Quota in Assam: আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে চৰকাৰী চাকৰিত পুনৰ সংৰক্ষণৰ আহ্বান - চৰকাৰী চাকৰি

অসমৰ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত EWSৰ অন্তৰ্ভুক্ত হোৱা সকলৰ বাবে আসন সংৰক্ষণৰ সুবিধা পুনৰ বাহাল ৰখাৰ বাবে আহ্বান ৷ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে চৰকাৰী চাকৰি প্ৰত্যাশী প্রার্থীয়ে ৷

Demand Upholding Reservation of EWS
চৰকাৰী চাকৰি প্ৰত্যাশী

By ETV Bharat Assamese Team

Published : Sep 17, 2023, 7:56 PM IST

EWSৰ সংৰক্ষণৰ সুবিধা পুনৰ বাহাল ৰখাৰ বাবে আহ্বান

গুৱাহাটী, ১৭ ছেপ্টেম্বৰ : অসমৰ চৰকাৰী চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়াত EWSৰ অন্তৰ্ভুক্ত হোৱা সকলৰ বাবে আসন সংৰক্ষণৰ সুবিধা পুনৰ বাহাল ৰখাৰ বাবে আহ্বান জনাই আহিছে একাংশ আর্থিকভাৱে দুৰ্বল শ্ৰেণীৰ অন্তৰ্গত চৰকাৰী চাকৰি প্ৰত্যাশী প্রার্থীয়ে ৷ দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে চৰকাৰী চাকৰি প্ৰত্যাশী প্রার্থীয়ে ৷

বর্তমান অসমৰ চৰকাৰী খণ্ডৰ প্ৰায় সকলো নিযুক্তি প্ৰক্ৰিয়াতেই EWS প্ৰাৰ্থীৰ বাবে থকা সংৰক্ষণৰ ব্যৱস্থা বন্ধ কৰি ৰখা হৈছে ৷ ভাৰত চৰকাৰে ২০১৯ ৰ ৭ জানুৱাৰীত নিযুক্তি আৰু শিক্ষাৰ ক্ষেত্ৰত সাধাৰণ জাতিৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে ১০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থাৰ প্ৰস্তাৱ দিছিল ৷ তাৰ পিছত ভাৰতৰ লোকসভা, ৰাজ্যসভা আৰু ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনীত হৈ ১৪ জানুৱাৰী, ২০১৯ ত ভাৰতৰ সংবিধানৰ ১৫ (৬) আৰু ১৬ (৬) অনুচ্ছেদত সাধাৰণ জাতিৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ১০ শতাংশ আসন সংৰক্ষণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হয় ৷

কিন্তু ১০ জানুৱাৰী, ২০১৯ চনতেই Youth for Equality নামৰ এটা NGO এই সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধাচৰণ কৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিল ৷ এই গোচৰৰ অন্তিম শুনানিত ৭ নৱেম্বৰ, ২০২২ত পুনৰ ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থাক বৈধ হিচাপে ঘোষণা কৰিছিল ৷

তাৰ পিছতো শেহতীয়াকৈ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ নিযুক্তি প্রক্রিয়া, অসম লোকসেৱা আয়োগৰ ভিন্ন পদৰ নিযুক্তি প্ৰক্ৰিয়া, প্রাথমিক, মাধ্যমিক তথা উচ্চ মাধ্যমিক খণ্ডৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া, অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়া ইত্যাদি প্ৰায় সকলোতে EWS ৰ অধীনত পৰা প্ৰাৰ্থীৰ বাবে সংৰক্ষণৰ সুবিধা নাইকিয়া কৰি দিয়া পৰিলক্ষিত হৈ আহিছে ৷ পূৰ্বৰ কিছু প্ৰাৰ্থীৰ ক্ষেত্ৰত সন্দেহ ঘনীভূত হোৱাৰ বাবেই এই পদক্ষেপ লোৱা হৈছে বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰিছিল ৷

কিন্তু কিছুসংখ্যকৰ ভুৱা নথি-পত্ৰৰ দোষৰ পৰিণতিত প্ৰকৃত প্ৰাৰ্থী সকলক মাধমাৰ সোধাই বছৰ বছৰ ধৰি এই সুবিধাৰ পৰা বঞ্চিত হৈ জীয়াতু ভুগিবলগীয়া কৰাটোও দুৰ্ভাগ্যজনক বুলি সংবাদমেলত আখ্যা দিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্র মানৱজ্যোতি কলিতাই ৷ লগতে কলিতাই উল্লেখ কৰে যে যেনেদৰে অসমৰ বাহিৰত বি.এড. কৰি আহি শিক্ষকতা কৰি থকা সকলৰ নথি-পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰা হ'ব বুলি অসম চৰকাৰৰ তৰফৰ পৰা ৰাইজক আশ্বাস দিছে, ঠিক তেনেদৰে ইতিমধ্যে EWS সংৰক্ষণৰ সুবিধা ভুৱাকৈ লাভ কৰি নিযুক্তি পোৱা মহাবিদ্যালয়ৰ অধ্যাপক অথবা আন বিভাগৰ আসন শুৱনি কৰি থকা সকলৰো সঠিক তথ্যৰ অনুসন্ধান কৰিলে নিশ্চয় বহু ভুৱা EWS প্রার্থী ওলাব ৷

সেই পদক্ষেপ চৰকাৰে গ্ৰহণ কৰক তাক লৈ আমাৰ কোনো আপত্তি নাই বৰঞ্চ নৈতিক সমর্থনহে থাকিব ৷ কিন্তু তাৰ বিপৰীতে প্ৰকৃতাৰ্থত EWS ৰ প্ৰমাণ পত্ৰ লাভ কৰাৰ হেতু বহু প্ৰাৰ্থী এতিয়া সকলো নিযুক্তি প্ৰক্ৰিয়াৰ লগতে শেহতীয়াকৈ চলি থকা মহাবিদ্যালয়ৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়াত EWS বন্ধ কৰি ৰখাৰ বাবে বঞ্চিত হৈ আহিছে বুলি কয় তেওঁ ৷

উল্লেখযোগ্য যে, মহাবিদ্যালয়সমূহে শেহতীয়াকৈ নিযুক্তিৰ বাবে আৱেদন পত্ৰ বিচাৰি EWS সংৰক্ষিত পদত বিজ্ঞাপন দিয়াৰ পিছতো প্ৰতিবাৰে পুনৰ পৰৱৰ্তী সময়ত সেয়া সলনি কৰি দিয়ে ৷ ইয়াৰ প্ৰকৃত কাৰণ স্পষ্ট নহয় ৷

যিহেতু এয়া প্ৰতিগৰাকী যোগ্য প্ৰাৰ্থীৰ সাংবিধানিক অধিকাৰ, সেয়েহে আমি আশা কৰোঁ যে, বৰ্তমান চলি থকা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপকৰ নিযুক্তি প্ৰক্ৰিয়াৰ লগতে আগন্তুক অসম লোকসেৱা আযোগকে ধৰি অন্যান্য সকলো চৰকাৰী চাকৰি নিযুক্তি প্ৰক্ৰিয়াতে আন আন সংৰক্ষণৰ সমান্তৰালকৈ EWS পদৰ সংৰক্ষণৰ ব্যৱস্থা পুনৰ আৰম্ভ কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰম্ভ কৰা এই সংৰক্ষণ ব্যৱস্থাটোৰ সুবিধা যোগ্যজনে অনাগত দিনত লাভ কৰিব বুলি মন্তব্য কৰে মানৱজ্যোতি কলিতাই ৷

লগতে পঢ়ক :Computer Teachers in Assam: চাকৰিক লৈ অনিশ্চয়তাত ৰাজ্যৰ সহস্ৰাধিক কম্পিউটাৰ শিক্ষক

ABOUT THE AUTHOR

...view details