অসম

assam

ETV Bharat / state

Dumping ground at Pamohi: ৭ দিনৰ ভিতৰত ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ দাবী - Demand to close dumping ground of Pamohi within a week

ডাম্পিং গ্ৰাউণ্ডে বিপদ মাতিছে পামহীবাসীলৈ । সংবাদমেলযোগে ৭ দিনৰ ভিতৰত ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ দাবী পামহী কাৰ্বিপাৰা ৰাইজৰ (Demand to close dumping ground of Pamohi)।

demanding stop damping grounrd
৭ দিনৰ ভিতৰত ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ দাবী

By

Published : Apr 1, 2022, 10:00 PM IST

গুৱাহাটী,০১ এপ্ৰিল:পামহী কাৰ্বিপাৰা ৰাইজৰ চৰকাৰ বিৰুদ্ধে ক্ষোভ । গুৱাহাটী পৌৰ নিগমৰ কৰ্তৃপক্ষই জাবৰ নিষ্কাশনৰ নামত ভেকোঁ ভাওনা কৰা অভিযোগ ৰাইজৰ । অহা ৭ দিনৰ ভিতৰত ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ দাবী। দাবী মানি নললে গণতান্ত্ৰীক আন্দোলনৰ হুংকাৰ দিয়ে ৰাইজে (Demand to close dumping ground of Pamohi within a week) ।

পামহীৰ কাৰ্বিপাৰা ৰাইজৰ উদ্যোগত ৩০ ৰ অধিক দল সংগঠনৰ সহযোগত শুক্ৰবাৰে গুৱাহাটী প্ৰেছক্লাৱত আয়োজিত এক সংবাদমেলত পামহী কাৰ্বিপাৰা ৰাইজৰ সম্পাদক হেনৰী ডেভিদ টেৰণে কয় যে ২০০৬ চনতে গুৱাহাটীৰ পশ্চিম বৰাগাওঁত স্থাপন কৰা ডাম্পিং গ্রাউণ্ড, ২০২১ চনত ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে বন্ধ কৰাৰ নিৰ্দেশনা দিছিল ।

কিন্তু পশ্চিম বৰাগাওঁৰ আগৰ স্থানৰ পৰা কিছু নিলগত পুনৰ আগষ্টৰ প্ৰথম সপ্তাহৰ পৰা গুৱাহাটী পৌৰ নিগমে নীতি বর্হিভূত ভাবে দৈনিক প্রায় ৮০০ ৰ পৰা ১০০০ টন গেলা পচা বস্তু আৰু প্লাষ্টিকৰ সামগ্ৰী মৃত জীৱ-জন্তুৰ লগতে চিকিৎসালয়ৰ পেলনীয়া সামগ্ৰী পশ্চিম বৰাগাৱঁৰ পামহী নদী পাৰৰ ভূমিত পেলাই থকা হৈছে । বিগত প্রায় ৯ মাহ সময়ছোৱাত কেইবাবাৰো স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও ৰাইজৰ অসুবিধাৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা দেখা নগল ।

৭ দিনৰ ভিতৰত ডাম্পিং গ্ৰাউণ্ড বন্ধ কৰাৰ দাবী

বিগত বৰ্ষৰ আগষ্টত গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষ আৰু ৰাইজৰ প্রতিনিধিৰ মাজত হোৱা আলোচনাৰ অন্তত গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই ১ মাহৰ ভিতৰত দূর্গন্ধ নোহোৱা কৰাৰ, পৰিৱেশ বিনষ্ট নোহোৱা, দীপৰ বিলৰ প্ৰদূষণ নোহোৱাকৈ বৈজ্ঞানিকভাবে প্রকল্প গ্রহণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কিন্তু পৰিতাপৰ কথা যে আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ।

গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষৰ আৰু ৰাইজৰ প্রতিনিধিৰ মাজত বাৰংবাৰ আলোচনাৰ পিছতো পৌৰ নিগম কৰ্তৃপক্ষই বৰাগাওঁৰ বেলৰ আলিত জাৱৰৰ পাহাৰ, দূর্গন্ধময় পৰিৱেশ, দীপৰ বিলত প্ৰদূষণ তথা জৈৱ-বৈচিত্র্য সংৰক্ষণৰ প্ৰতি ভাবুকি অনাৰ বাহিৰে কোনোধৰনৰ বৈজ্ঞানিক পদ্ধতি গ্ৰহণ কৰা দেখিবলৈ পোৱা নগল । ইয়াৰ পৰা এইটো স্পষ্ট যে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই সম্পূৰ্ণৰূপে বিফল হৈছ । পৰৱৰ্তী সময়তো যে একো কৰিব নোৱাৰে সেইটো আজিৰ দিনত ৰাইজে বুজি উঠিছে ।

সমগ্ৰ অঞ্চলত বসবাস কৰা ৰাইজে দূর্গন্ধময় তথা অস্বাস্থ্যকৰ পৰিৱেশত দিন-ৰাতি কটাবলগীয়া হৈছে, ছাত্ৰ-ছাত্ৰী আৰু শিশুসকলৰ পঢ়া-শুনা, খেলা-ধুলা আৰু অন্যান্য বিকাশত যথেষ্ট বাধাৰ সম্মুখিন হব লগা হৈছে । খাতিখোৱা লোকৰ জীৱিকাৰ প্ৰতি ভাবুকি আহিছে, অস্বাস্থ্যকৰ পৰিবেশৰ কাৰনে মাখিৰ সংখ্যা বৃদ্ধি হোৱাত কৰণা মহামাৰীৰ ভয়-শংকাত থাকিব লগা হোৱাৰ উপৰিও ডাম্পিংগ্রাউণ্ড আৰু গুৱাহাটী মহানগৰীৰ দূষিত পানীয়ে দীপৰ বিলৰ প্ৰদূষণ তথা জৈৱ-বৈচিত্র্য ধ্বংসৰ কৰি মৃত্যুৰ মুখলৈ ঠেলি দিছে ।

গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই বিগত ৯ মাহে পেলাই থকা জাৱৰ নিষ্কাশনৰ বৈজ্ঞানিক পদ্ধতিৰ ভেকো-ভাওনা ত্যাগ কৰিব লাগে আৰু অহা ৭ দিনৰ ভিতৰত ডাম্পিংগ্ৰাউণ্ড বন্ধ কৰি ইতিমধ্যে পেলোৱা জাৱৰসমূহ উঠাই নিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় । যদিহে ৭ দিনৰ ভিৰত এই দাবী মানি নললে গণতান্ত্ৰীক আন্দোলনৰ হুংকাৰ দিয়ে ৰাইজে ।

লগতে পঢ়ক:অসম আৰু অসমীয়াক চৰম অপমান এগৰাকী অনা অসমীয়াৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details