অসম

assam

ETV Bharat / state

পিকনিকৰ বতৰ! পলমকৈ হ’লেও বনভোজ প্ৰেমীৰ বাবে মুকলি হ’ল দীপৰ বিলৰ বনভোজথলী

এক সপ্তাহ পলমকৈ দীপৰ বিলৰ পাৰৰ বনভোজথলী মুকলি ৷ দেউছটাল নৱজ্যোতি সংঘৰ উদ্যোগত প্ৰতিটো বনভোজ দলকে বিশুদ্ধ খোৱাপানী, বাহন ৰখাৰ বাবে পাকিং ব্যৱস্থা, প্ৰস্ৰাৱগাৰ আদিৰ সা-সুবিধা উপলব্ধ কৰোৱা হৈছে ।

By ETV Bharat Assamese Team

Published : Dec 12, 2023, 12:10 PM IST

Deepor beel PICNIC SPOT INAUGURATES for 2024
পলমকৈ হ’লেও বনভোজ প্ৰেমীৰ বাবে মুকলি বনভোজথলী

গুৱাহাটী, 12 ডিচেম্বৰ:মুকলি হ’ল বনভোজথলী দীপৰ বিল ৷ দীপৰ বিলৰ পানী এইবেলি লাহে লাহে শুকোৱা বাবে এইবাৰ বিগত বছৰৰ তুলনাত প্ৰায় এক সপ্তাহ পলমকৈ 10 ডিচেম্বৰত দীপৰ বিলৰ পাৰত শ্ৰী শ্ৰী ভাঙাৰা গোঁসাই মন্দিৰৰ দাঁতিত থকা বনভোজথলীটো মুকলি কৰা হয় । প্ৰতি বছৰৰ দৰে এইবেলিও শীতকাল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন বনভোজথলীৰ দৰে গুৱাহাটীৰ গাতে লাগি থকা দীপৰ বিললৈও বনভোজ খাবলৈ বহু লোক আহে। কিন্তু এইবাৰ দীপৰ বিলৰ পৰা ব্ৰহ্মপুত্ৰ নদী সংযোগী খনাজানৰ শ্লুইচ গেটখন যোৱা নৱেম্বৰ মাহত দীপৰ বিলত অনুষ্ঠিত হোৱা জলক্ৰীড়া মহোৎসৱৰ বাবে তিনি মাহৰো অধিক দিন বন্ধ কৰি ৰখা হৈছিল ।

পলমকৈ হ’লেও বনভোজ প্ৰেমীৰ বাবে মুকলি বনভোজথলী

মহোৎসৱ শেষ হোৱাৰ পাছতো শ্লুইচ গেটখন সম্পুৰ্ণকৈ নুখুলি আংশিকভাবে খোলাত দীপৰ বিলৰ পানী লাহে লাহে ওলাই যোৱাত বনভোজথলীটো আধা পানীৰ তলত আছিল । অৱশ্যে বনভোজথলীটো তদাৰকৰ দায়িত্বত থকা অগ্ৰণী সামাজিক , সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন দেউছটাল নৱজ্যোতি সংঘৰ কৰ্মকৰ্তাসকলে বিগত দুদিন ধৰি জেচিবিৰে মেৰামতি কৰাৰ লগতে নিজে হাতে কামে লাগি বনভোজথলীৰ 80 শতাংশ ব্যৱহাৰৰ বাবে উপযোগী কৰি তোলে । সংঘৰ কৰ্মকর্তা আৰু স্থানীয় বহুসংখ্যক লোকৰ উপস্থিতিত বনভোজথলী উদ্ধোধন কৰে সমাজকৰ্মী ধীৰাজ তুমুংৱে ।

এই উপলক্ষে সংঘৰ সভাপতি বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত সমাজকৰ্মী ধীৰাজ তুমুংৱে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ দীপৰ বিলৰ পাৰৰ বনভোজথলীত সকলো লোকে নীতি নিয়ম মানি বনভোজ খোৱাৰ লগতে প্ৰকৃতিৰ সৈতে একাত্ম হ'ব বুলি আশা ব্যক্ত কৰে । অনুষ্ঠানত মিকিৰপাৰা, চকৰদৌ পামহী আৰু গোগ তালুকৰ সভাপতি, বিশিষ্ট সমাজকর্মী কেষ্ট’ৰাম ৰংপী, সংঘৰ উপ-সভাপতি অশোক থাপ্পা, সমাজকৰ্মী বীৰেশ্বৰ ৰংপী, প্ৰবীণ ৰংপী, অনিল ফাংচা, সংঘৰ বিষয়ববীয়া সুশীল থাপা, দীপৰ বিলৰ কাষৰীয়া খনামুখ মিলন সংঘৰ উপদেষ্টা ধীৰাজ কলিতাকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।

উল্লেখযোগ্য যে, বনভোজথলীত সংঘৰ ফালৰ পৰা সকলো দলকে বিশুদ্ধ খোৱাপানী, বাহন ৰখাৰ বাবে পাকিং ব্যৱস্থা, প্ৰস্ৰাৱগাৰ আদিৰ সা-সুবিধা উপলব্ধ কৰোৱা হৈছে ।

লগতে পঢ়ক:শংকৰদেৱ সংঘৰ 93 তম ৰঙিয়া অধিৱেশনৰ প্ৰস্তুতি তুংগত

ABOUT THE AUTHOR

...view details