অসম

assam

Assam Cabinet: ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শনিবাৰে কইনাধৰাত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৷ কেবিনেট বৈঠকত গুণগত শিক্ষাৰ লক্ষ্যৰে বিদ্যালয় স্থাপন, প্ৰকৃতি সংৰক্ষণ, ভূমি জোখৰ সমতা স্থাপন, জাতিগত প্ৰমাণপত্ৰ জাৰি আদি বিভিন্ন দিশ সাঙুৰি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰা হয় । কেবিনেটত নাবাৰ্ডৰ পৰা ১৭০ কোটি ১৫ লাখ টকা ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ । জাতিগত প্ৰমাণ পত্ৰ লাভৰ ক্ষেত্ৰতেো কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত (Assam cabinet meeting decision)।

By

Published : Apr 2, 2022, 7:15 PM IST

Published : Apr 2, 2022, 7:15 PM IST

Assam Cabinet
ৰাজ্যিক কেবিনেটত গ্ৰহণ কৰা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

গুৱাহাটী, ২ এপ্ৰিল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত শনিবাৰে কইনাধৰাত ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠক অনুষ্ঠিত হয় । কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । বৈঠকৰ অন্তত কেবিনেটৰ সিদ্ধান্তসমূহ সংবাদমেলযোগে সদৰি কৰে মন্ত্ৰী কেশৱ মহন্তই (Assam cabinet meeting decision)।

কেবিনেটত গ্ৰহণ কৰা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

কেবিনেটত এম পি ডব্লিউসকলৰ চাৰ্ভিছ ৰুল তৈয়াৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । আনহাতে পৌৰ নিগম অঞ্চলৰ অধীনত নিজৰ ৪৩২০ বৰ্গ ফুটৰ তলত ভূমি থকাসকলেহে লাভ কৰিব ই ডব্লিউ এছ প্ৰমাণ পত্ৰ । অন্যথা নাপাব ই ডব্লিউ এছ প্ৰমাণ পত্ৰ । অৰ্থাৎ পৌৰ নিগম এলেকাত ডেৰ কঠাতকৈ বেছি মাটি থাকিলে ই ডব্লিউ এছ হিচাপে গণ্য কৰা নহ’ব । সেইদৰে বাগিছা অঞ্চলত আৰম্ভ হ'ব হাইস্কুল শিক্ষা । ব'হাগ বিহুৰ পিছৰ পৰা আৰম্ভ হ'ব পাঠ্যক্ৰম ।

কেবিনেটত গ্ৰহণ কৰা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

দুমাহৰ ভিতৰত ৭৫৫ গৰাকী শিক্ষকক নিয়োগ কৰা হ'ব বাগিছা অঞ্চলত । চাহ বাগিচাৰ ৯৭ খন হাইস্কুলত এপ্ৰিলৰ পৰা পাঠদান আৰম্ভ হ’ব । এইক্ষেত্ৰত কেবিনেটে অনুমোদন জনায় । জাতিগত প্ৰমাণপত্ৰ লাভৰ ক্ষেত্ৰত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় । পিতৃ-মাতৃৰ প্ৰমাণ পত্ৰ থাকিলে সন্তানে প্ৰত্যক্ষভাৱে লাভ কৰিব প্ৰমাণ পত্ৰ । যিসকলৰ নাথাকে তেওঁলোকে ৪৫ দিনৰ ভিতৰত পাব । বিভিন্ন দিশত শিথিলতা অনা হৈছে । নৱম-দশম শ্ৰেণীৰ শিক্ষাৰ্থীক জিলা প্ৰশাসনে বিদ্যালয়তে দিব জাতিগত প্ৰমাণ পত্ৰ ।

কেবিনেটত গ্ৰহণ কৰা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আনহাতে এতিয়াৰে পৰা শৰণীয়া কছাৰীসকলে শৰণীয়া কছাৰী হিচাপেই জাতিগত প্ৰমাণ পত্ৰ লাভ কৰিব । আগতে কেৱল কছাৰী বুলি প্ৰমাণ পত্ৰ লাভ কৰিছিল । কেবিনেটত নাবাৰ্ডৰ পৰা ১৭০ কোটি ১৫ লাখ টকা ঋণ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । নাৱাৰ্ডৰ ঋণেৰে ১৫ খন আঁচনি আৰু চাৰিখন গাওঁ অঞ্চলত দলং নিৰ্মাণ কৰা হ'ব । কেবিনেটত ১৩ খন নতুন ম'ডেল স্কুলত অনুমোদন জনোৱা হৈছে । য'ত ৬৫ গৰাকী শিক্ষক দিব নিযুক্তি দিয়া হ'ব । পূৰ্বৰে পৰা ২৫ খন মডেল স্কুলত পাঠদান চলি আছে । ভূগৰ্ভৰ পানীক লৈও কঠোৰ হ’ব চৰকাৰ । পানীৰ ক্ষেত্ৰত গাওঁ আৰু চহৰত পৃঠক হ’ব নিয়ম ।

লগতে পঢ়ক:ভূপেন বৰাক অকৰ্মণ্য, অলগৰ্দ্ধ আখ্যা ৰূপজ্যোতি কুৰ্মীৰ

ABOUT THE AUTHOR

...view details