অসম

assam

মিঞা সংগ্ৰহালয় প্ৰসংগত মুখ খুলিছে দেৱব্ৰত শইকীয়াই

By

Published : Oct 26, 2020, 7:54 PM IST

"মিঞা সংগ্ৰহালয়" প্ৰসংগত মুখ খুলিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই । বিষয়টো সন্দৰ্ভত বিজেপিয়ে অনাহকত বিতৰ্কৰ সৃষ্টি কৰি নিৰ্বাচনী ইছ্যু কৰিব বিচাৰিছে বুলি মন্তব্য কৰে বিৰোধী দলপতিগৰাকীয়ে ৷

দেৱব্ৰত শইকীয়া
দেৱব্ৰত শইকীয়া

গুৱাহাটী, ২৬ অক্টোবৰ: কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলী আহমেদে শংকৰদেৱ কলাক্ষেত্ৰত "মিঞা সংগ্ৰহালয়" স্থাপনৰ দাবী তুলি কেউদিশে বিতৰ্কৰ সৃষ্টি কৰাৰ পাচত এইবাৰ এই বিতৰ্কিত প্ৰসংগত মুখ খুলিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

মিঞা সংগ্ৰহালয় প্ৰসংগত মুখ খুলিছে দেৱব্ৰত শইকীয়াই
শইকীয়াৰ মতে, বিষয়টো সন্দৰ্ভত অনাহকত বিজেপিয়ে বিতৰ্কৰ সৃষ্টি কৰি নিৰ্বাচনী ইছ্যু কৰিব বিচাৰিছে । তেওঁ ইয়াৰোপৰি কয় যে, অসম বিধানসভাৰ শিক্ষা সম্পৰ্কীয় স্থায়ী সমিতিৰ বৈঠকত কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদে এই প্ৰস্তাৱ উত্থাপন কৰিছিল আৰু বৈঠকত প্ৰস্তাৱটো গৃহিত হৈছিল । কিন্তু উক্ত 15 জনীয়া সমিতিৰ 8 গৰাকী সদস্যই শাসক দলৰ বিধায়ক । তেনে ক্ষেত্ৰত এই বিষয়টোক বিজেপিয়ে নিৰ্বাচনী ইছ্যু কৰিব খোজাৰ কোনো যুক্তি নাই । বিৰোধী দলপতি গৰাকীৰ মন্তব্য, চৰ চাপৰিত কেৱল মিঞা লোকেই বসবাস নকৰে । উজনি অসম আৰু উত্তৰ অসমৰ বিভিন্ন চৰ চাপৰিত মূল সুঁতিৰ অসমীয়াৰ লগতে বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয় লোকো বাস কৰে । অৱশ্যে নামনিৰ চৰাঞ্চলত মুছলমান লোকৰ বসতি অধিক । তেনেক্ষেত্ৰত ডঃ হিমন্ত বিশ্ব শৰ্মাই বিষয়টোৰ অপব্যাখ্যা কৰিছে বুলিও মন্তব্য কৰে বিৰোধী দলপতি গৰাকীয়ে ।লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহেৰে বাঘবৰত প্ৰতিবাদ

ABOUT THE AUTHOR

...view details