গুৱাহাটী, 1 মে' :বি পি এফ দলৰ 17 বছৰীয়া শাসনৰ অন্ত পেলাই বিটিচিত আৰম্ভ হ'ল ৰাজ্যপালৰ শাসন ৷ কিন্তু বিটিচিক ৰাজ্যপালৰ শাসনৰ আঁওতালৈ অনাৰ বাবে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে বিপিএফ নেতৃত্বই ৷ কৰ'ণা আতংক আৰু লক্ ডাউনৰ ফলত স্থগিত ৰখা হৈছিল বিটিচি নিৰ্বাচন ৷ যাৰ বাবে যোৱা 27 এপ্ৰিলত বিপিএফ দলৰ শাসনৰ ম্যাদ শেষ হোৱাত ৰাজ্যপালে নিজৰ অধীনলৈ আনে শাসনৰ দায়িত্ব ৷
এই সন্দৰ্ভত বিপিএফ আৰু আন দলসমূহৰ মাজত তুমুল বাক-বিতণ্ডা চলি থকাৰ মাজতে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই কয় যে, বিপিএফৰ 17 বছৰীয়া শাসনৰ অন্ত পেলাই বিটিচিত যিহেতু ৰাজ্যপালৰ শাসন আৰম্ভ হৈছে, সেয়েহে বি পি এফ দলে এতিয়া বিৰোধীৰ ভূমিকা পালন কৰক । ৰাজ্যপালৰ শাসনৰ সময়ত যদি চৰকাৰ কোনো অন্যায় কৰ্মত লিপ্ত হৈছে, তেন্তে তাৰ বিৰুদ্ধে মাত মতা উচিত অৰ্থাৎ যেতিয়ালৈ নিৰ্বাচন নহয় ৷