অসম

assam

ETV Bharat / state

কোৱাৰেন্টাইন উলংঘাঃ সাংসদ ৰামেশ্বৰ তেলীক গ্ৰেপ্তাৰৰ দাবী - কোৱাৰেন্টাইন উলংঘা কৰা সাংসদ ৰামেশ্বৰ তেলী

কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া কোৱাৰেন্টাইন উলংঘা কৰা সাংসদগৰাকীৰ ওপৰত প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব নে শাসকীয় পক্ষৰ হোৱাৰ বাবে সকলো ভুল গ্ৰহণ যোগ্য হব বুলি মন্তব্য কৰে বিৰোধী দলৰ দলপতিগৰাকীয়ে ।

Debabrat saikia
দেৱব্ৰত শইকীয়া

By

Published : Jun 12, 2020, 7:17 PM IST

গুৱাহাটী, 12 জুনঃমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সৈতে বাঘজান পৰিভ্ৰমণ কৰিবলৈ যোৱা সাংসদ ৰামেশ্বৰ তেলীয়ে ৰাইজৰ স্বাস্থ্যক আওকাণ কৰি এক সাংঘাটিক ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই । দুদিন পূৰ্বে দিল্লীৰ পৰা অসমলৈ আহে সাংসদগৰাকী ৷ চৰকাৰে বান্ধি দিয়া কোৱাৰেন্টাইন উলংঘা কৰি মাত্ৰ দুদিন কোৱাৰেন্টাইন কেন্দ্ৰত উপস্থিত থাকে ৰামেশ্বৰ তেলী ৷ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই জানিবলৈ দিয়া অনুসৰি এই পৰ্যন্ত COVID 19 সম্বন্ধীয় স্বাস্থ্য পৰীক্ষাৰ ফলাফল অহা নাই ৰামেশ্বৰ তেলীৰ।

দেৱব্ৰত শইকীয়া

লগতে পঢ়কঃ বাঘজানৰ জুই নুমুৱাবলৈ সন্মিলিতভাৱে কাম চলি আছে- চন্দ্ৰমোহন পাটোৱাৰী

কেন্দ্ৰীয় চৰকাৰে বান্ধি দিয়া কোৱাৰেন্টাইন উলংঘা কৰা সাংসদগৰাকীৰ ওপৰত প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব নে শাসকীয় পক্ষৰ হোৱাৰ বাবে সকলো ভুল গ্ৰহণ যোগ্য হ'ব বুলি মন্তব্য কৰে বিৰোধী দলৰ দলপতিগৰাকীয়ে । ইয়াৰোপৰি,বহু লোকে এই পৰ্যন্ত সামাজিক দুৰত্ব নমনাৰ লগতে মাস্কৰ অবিহনে ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছে এনে লোকৰ ক্ষেত্ৰত প্ৰশাসনে কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলিও প্ৰশ্ন কৰে দেৱব্ৰত শইকীয়াই ৷

ABOUT THE AUTHOR

...view details