অসম

assam

ETV Bharat / state

মালিগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

পথৰ দাঁতিত পৰি থকা অৱস্থাত মালিগাওঁত উদ্ধাৰ হয় এজন অচিনাক্ত পুৰুষৰ মৃতদেহ । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে মৃতদেহটো ।

মালিগাঁৱত চাঞ্চল্য
অচিনাক্ত মৃতদেহ উদ্ধাৰ

By

Published : Dec 29, 2019, 6:47 PM IST

গুৱাহাটী,29 ডিচেম্বৰঃ দেওবাৰে মহানগৰীৰ মালিগাঁৱত উদ্ধাৰ হয় এজন অচিনাক্ত পুৰুষৰ মৃতদেহ । পথৰ দাঁতিত পৰি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো । উপস্থিত ৰাইজে খবৰ দিয়ে গোশালা আৰক্ষীক ।

অচিনাক্ত মৃতদেহ উদ্ধাৰ

ততালিকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে মৃতদেহটো । লোকজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা নাই আৰক্ষীয়ে । মৃতদেহটো চিনাক্তকৰণৰ বাবে ৭২ ঘন্টা মৰ্গত ৰখা হ’ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

লগতে চাওকঃনলবাৰীত খিলঞ্জীয়াৰ গণ হু‌ংকাৰ

ABOUT THE AUTHOR

...view details